ভাৰত-বাংলাদেশ সীমান্তৰ জিৰো পইণ্টত আৰম্ভ হ’বলৈ আগবাঢ়িছে ‘আন্তৰ্জাতিক হাট’। এই হাটত দেশৰ উৎপাদিত বিশেষকৈ পশ্চিমবংগৰ সামগ্রীৰ লগতে পোৱা যাব বাংলাদেশৰ সামগ্রীও। পশ্চিমবঙ্গৰ পাঁচ সীমান্তৰ জিৰো পইণ্টত এই হাট আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্রীয় চৰকাৰে।
অৱশ্যে প্রাথমিকভাবে পৰীক্ষমূলক প্রকল্প হিচাবেই এই ‘আন্তৰ্জাতিক হাট’ আৰম্ভণিৰ পৰিকল্পনা আছে। এই সন্দৰ্ভত বাংলাদেশ আৰু ভাৰত চৰকাৰৰ মাজত প্রাথমিক পর্যায়ৰ আলোচনা প্রায় চুড়ান্ত বুলিও জানিব পৰা গৈছে।
এই বজাৰ নিৰ্মাণৰ বাবে দুয়োখন দেশৰেই ভূমি অধিগ্রহণ কৰা হ’ব। বাংলাদেশৰ ৭৫ মিটাৰ আৰু পশ্চিমবঙ্গৰ ৭৫ মিটাৰ ভূমি অধিগ্রহণ কৰি এই হাট নিৰ্মাণৰ বাবে আগবঢ়া বুলিও সূত্রৰ খবৰ। দুই দেশৰ সীমান্ত এলেকাৰ পাঁচ কিলোমিটাৰৰ ভিতৰত বাস কৰা বাসিন্দাসকলে এই বজাৰত নিজৰ পণ্য বিক্ৰী কৰিব পাৰিব।
নিৰাপত্তাৰ দায়িত্বত থাকিব দুয়ো দেশৰ সীমান্তৰক্ষী। দুয়ো দেশৰ প্রতিনিধিসকলে ইতিমধ্যেই ভূমি চিনাক্তকৰণৰ কাম আৰম্ভ কৰিছে। এই প্রসঙ্গত উত্তৰ মালদহৰ সাংসদ তথা বিজেপি নেতা খগেন মুর্মুই জনাইছে, আত্মনির্ভৰ ভাৰত গঢ়াৰ লক্ষ্যতেই মোদী চৰকাৰ এই বিষয়ত উদ্যোগী হৈছে। তৃণমূল কংগ্রেছৰ নেতা তথা প্রাক্তন মন্ত্রী কৃষ্ণেন্দুনাৰায়ণ চৌধুৰীয়ে জনায়, এই বজাৰ নিৰ্মাণ হ’লে সীমান্ত অপৰাধ বহুখিনি কমি যাব। আর্থসামাজিক উন্নতিও হ’ব।
এই বজাৰত কেঁচা খাদ্য-সামগ্রীৰ উপৰি বিক্ৰী হ’ব প্লাষ্টিকজাত সামগ্রী। ইয়াৰ উপৰি পৰিধান সামগ্রী বিক্ৰীৰ কথাও আছে। আগন্তুক ছয় মাহৰ ভিতৰতেই এই আর্ন্তজাতিক বজাৰ আৰম্ভৰ পৰিকল্পনা আছে দুই দেশৰ চৰকাৰৰ।