কাউন্টি ক্রিকেটত ছাছেক্সৰ হৈ দ্বিশতৰান চেতেশ্বৰ পূজাৰাৰ। লগতে প্রথম শ্রেণীৰ ক্রিকেটত একেৰাহে ৫২ ইনিংছ ধৰি চলা শতকৰ খৰাঙৰ পৰাও মুক্ত হ’ল তেওঁ। কেৱল সেয়াই নহয়, কাউন্টি ক্রিকেটত মহম্মদ আজহাৰউদ্দিনৰ ৰেকৰ্ডো স্পৰ্শ কৰে পুজাৰাই।
আজহাৰৰ পিছত পুজাৰা হৈছে দ্বিতীয় ভাৰতীয় ক্রিকেটাৰ যাৰ কাউন্টিত দ্বিশতক আছে। ১৯৯১ চনত লিষ্টাৰশ্বায়াৰৰ বিৰুদ্ধে ২১২ আৰু ১৯৯৪ চনত ডাৰহামৰ বিৰুদ্ধে ২০৫ ৰান কৰে আজহাৰে।
দুয়োটা ইনিংছেই তেওঁ খেলিছিল ডার্বিশ্বায়াৰৰ হৈ। তাৰ পিছৰ পৰা ইমান দিনে কোনো ভাৰতীয় ক্রিকেটাৰে কাউন্টিত দ্বিশতক কৰিব পৰা নাই।
উল্লেখ্য, প্রথম শ্রেণীৰ ক্রিকেটত অন্তিমবাৰ ২০২০ চনৰ জানুৱাৰীত কর্নাটকৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল পুজাৰাই। সেয়াও অৱশ্যে দ্বিশতক আছিল।
প্রথম শ্রেণীৰ ক্রিকেটত মুঠ ১৪টা দ্বিশতক হ’ল পুজাৰাৰ। তাৰ লগে লগে শ্রীলঙ্কাৰ প্রাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাক চেৰ পেলালে তেওঁ। এছিয়াৰ বেটছমেনসকলৰ ভিতৰত প্রথম শ্রেণীৰ ক্রিকেটত সৰ্বাধিক দ্বিশতক এতিয়া পুজাৰাৰ দখলত।