ASSAM TIMES POST
গুৱাহাটীঃ অহা বৰ্ষৰ ৬-৮ মাৰ্চত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চতুৰ্থ বৰ্ষৰ বাবে অনুষ্ঠিত হ’ব চলচ্চিত্ৰম্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱৰ অন্যতম কাৰ্যসূচী চুটি ছবি প্ৰতিযোগিতাৰ কথাও সেয়ে ঘোষণা কৰিছে উদ্যোক্তাসকলে। এইবাৰ প্ৰতিযোগিতাৰ বাবে চুটি ছবি প্ৰেৰণৰ অন্তিম দিন হৈছে ৩১ ডিচেম্বৰ (২০১৯)।
প্ৰতিযোগিতাৰ বাবে চুটি ছবিসমূহ filmfreeway.com শীৰ্ষক ৱেবচাইটৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব। ২০১৯ চনৰ ১ জানুৱাৰীৰপৰা ৩১ ডিচেম্বৰৰ ভিতৰত নিৰ্মিত সৰ্বাধিক ২৫ মিনিট দৈঘ্যৰ চুটি কাহিনী চিত্ৰ, এনিমেছন আৰু তথ্যচিত্ৰই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। শ্ৰেষ্ঠ চুটি ছবিখনে ১ লাখ টকা পুৰষ্কাৰ হিচাপে লাভ কৰিব।
একেদৰে কেৱল উত্তৰ পূবৰ ছবিবোৰৰ মাজৰ শ্ৰেষ্ঠ ছবিৰ বাবে ৫০ হাজাৰ টকা পুৰষ্কাৰ হিচাপে আগবঢ়োৱা হ’ব। মহোৎসৱৰ অন্তিম দিনা এই বঁটাসমূহ প্ৰদান কৰা হ’ব। চুটি ছবি প্ৰতিযোগিতাৰ সমান্তৰালভাৱে আয়োজক সমিতিয়ে আলোকচিত্ৰ প্ৰতিযোগিতাৰো আয়োজন কৰিছে। তদুপৰি ছাত্ৰ নিৰ্মাতা, মানবিশিষ্ট অ-কাহিনী, এনিমেছন আৰু তথ্যচিত্ৰৰ বাবে জুৰীৰ বিশেষ বঁটা থাকিব।
ইয়াৰোপৰি শ্ৰেষ্ঠ নৱাগত পৰিচালকে মান পত্ৰ লাভ কৰিব। মহোৎসৱৰ অন্তিম দিনা অৰ্থাৎ ৮ মাৰ্চত চলচ্চিত্ৰ বিষয়ক মুকলি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।
আকৌ প্ৰতিযোগিতাৰ বাবে ছবি প্ৰেৰণ কৰা ৱেবচাইটৰ জৰিয়তেই মহোৎসৱত প্ৰদৰ্শনৰ বাবে পূৰ্ণ দৈঘ্যৰ চলচ্চিত্ৰসমূহো প্ৰেৰণ কৰিব পৰা যাব। মহোৎসৱ আৰু প্ৰতিযোগিতাৰ সৱিশেষ (মূলতঃ বিষয়বস্তু) chalachitram.in তো উপলব্ধ বুলি আয়োজকবৃন্দই জনাইছে।













