সম্প্রতি দ্য নেচনেল এৰোনেটিকছ এণ্ড স্পেচ এডমিনিষ্ট্ৰেচনে (নাছা) তেওঁলোকৰ ইনষ্টাগ্রামৰ পৰা মঙ্গলগ্রহৰ এখন অভূতপূর্ব ছবি প্রকাশ কৰিছে।
হাই-ৰিজ’লিউচন ইমেজিং ছায়েন্স এক্সপেৰিমেন্ট(এইচআইআৰআইএছই)
পদ্ধতিতে তোলা ছবিত দেখা গৈছে মঙ্গলগ্রহত বিশালাকাৰ কিছু গাঁত।
ছবিখন বিয়পি পৰাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হয় নেটিজেনসকলৰ মাজত। কেৱল সেৱাই নহয়, বহু জ্যোতির্বিজ্ঞানীয়েও ছবিখন চাই মুগ্ধ হৈছে আৰু তেওঁলোকৰ প্রতিক্রিয়া প্ৰকাশ কৰিছে।
বেছিভাগ লোকেই ছবিখন চাই স্তম্ভিত হৈ পৰিছে। কেৱল যে ছবিৰ সৌন্দর্য সেয়া নহয়, তাৰ সৈতে আছে ছবিখনৰ মাজত আশ্চর্যকৰ এক ৰহস্য।