এই মুহূর্তত ভাৰতত পূৰ্ণ গতিত চলি আছে আইপিএলৰ পঞ্চদশ সংস্কৰণ। এখনৰ পিছত আনখন ৰোমাঞ্চকৰ মেচ উপভোগ কৰিছে দর্শকে। বিশ্বৰ প্রায় সকলো দেশৰ ক্ৰিকেটাৰেই ইয়াত অংশগ্রহণ কৰিছে। তাৰে মাজতে শ্রীলঙ্কাৰ প্রাক্তন কিংবদন্তি ক্রিকেটাৰ তথা অধিনায়ক অর্জুনা ৰানাটুংগাই হঠাৎ আইপিএলৰ পৰা শ্রীলঙ্কান খেলুৱৈসকলক তেওঁলোকৰ দেশৰ সমর্থনত উভতি অহাৰ আহ্বান জনাইছে।
ৰানাটুংগাই কয় যে বহু ক্রিকেটাৰে আইপিএলত দুর্দান্ত প্ৰদৰ্শন কৰিছে, কিন্তু তেওঁলোকে নিজৰ দেশৰ কথা কোৱা নাই। কাৰণ শ্রীলংকাত সকলো মানুহেই বর্তমান চৰকাৰৰ বিৰুদ্ধে কথা ক’বলৈ ভয় খায়।
এই ক্রিকেটাৰসকলেও তেওঁলোকৰ চাকৰি বচোৱাৰ চেষ্টা কৰিছে, কিন্তু এতিয়া তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব লাগিব, কাৰণ কিছু যুৱ ক্রিকেটাৰো আগবাঢ়ি আহিছে আৰু চৰকাৰৰ কার্যনীতিৰ প্রতিবাদৰ সমর্থনত বিবৃতি দিছে।
অর্জুনা ৰানাটুংগাই কয়, “চৰকাৰৰ ক’ৰবাত যদি কিবা ভুল হয়, তেনেহ’লে সেয়া আঙুলিয়াই দিয়া উচিত। মই বিচাৰো আইপিএল খেলা আমাৰ দেশৰ ক্রিকেটাৰসকলে এসপ্তাহৰ বাবে তেওঁলোকৰ চাকৰি এৰি দিয়ক আৰু প্রতিবাদৰ সমর্থনত ওলাই আহক।”