সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে বিভিন্ন দলৰ পৰা দলত্যাগ কৰি গেৰুৱা দল বিজেপিত যোগদান প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে।
আজি ডিফু মাঞ্জা পথৰ বিজেপিৰ নৱ-নিৰ্মিত কাৰ্যালয়ত পূৱ কাৰবি আংলঙৰ বিজেপিৰ সভাপতি ধনছিং টেৰণৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কংগ্ৰেছ আৰু এপিএইছ এলচিৰ পৰা অহা প্ৰায় শতাধিক নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে।
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপিৰ গেৰুৱা টুপি আৰু মাফলাৰেৰে নতুন সদস্যসকলক আদৰি লয়।
সংবাদ মাধ্যমৰ আগত চিইএম ডাঃ তুলিৰাম ৰংহাঙে কয় যে, জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফল নেতৃত্বত আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ প্ৰতি আকৃষ্ট হৈয়েই বিভিন্ন দলৰ পৰা অহা সদস্যসকলে বিজেপিত যোগদান কৰিছে।
উক্ত সভাত সাংসদ হৰেণছিং বে, বিধায়ক বিদ্যাছিং ইংলেঙ, ইএম খনছিং ৰংপিকে প্ৰমুখ্য কৰি জিলা বিজেপিৰ কেইবীগৰাকী শীৰ্ষ নেতা কৰ্মী উপস্থিত থাকে৷