![]()
“হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি আটছা জিন্দাবাদ, চাহ শ্ৰমিকৰ পিএফৰ ধন আদায় দিয়ক, আমাৰ দাবী ন্যা়্য্য দাবী, লাহৰিজানৰ ভূমি বিবাদৰ নিষ্পত্তি কৰক, কাউঞ্চিল ডাউন, ডাউন, এই জুই জ্বলিছে আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷”
কাৰবি আংলং জিলাত যুগ যুগ ধৰি বসবাস কৰি অহা আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাজান শাখাৰ উদ্যোগত বোকাজানৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ লগতে সংগঠনটোৰ বিভিন্ন দাবীৰ সমৰ্থনত অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয় ৷
তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰা ভালে সংখ্যক প্ৰতিবাদকাৰীয়ে আজি হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি আটছা জিন্দাবাদ, চাহ শ্ৰমিকৰ পিএফৰ ধন আদায় দিয়ক, আমাৰ দাবী ন্যা়্য্য দাবী, লাহৰিজানৰ ভূমি বিবাদৰ নিষ্পত্তি কৰক, কাউঞ্চিল ডাউন, ডাউন, এই জুই জ্বলিছে আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
আনহাতে বোকাজানৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰ যোগে সংগঠনটোৱে জিলাখনৰ প্ৰাথমিক বিদ্যালয় নথকা চাহ বাগিছাত প্ৰাথমিক বিদ্যালয় স্থাপন ৷ চাহশ্ৰমিকৰ ভৱিষ্যত নিধিৰ ধন শীঘ্ৰে আদায় দিয়া, লাহৰিজান চাহ বাগিচা বিবাদৰ নিষ্পত্তি কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক বৃত্তি মূলক প্ৰশিক্ষণৰ জৰিয়তে সংস্থাপন দিয়া, চাহ বাগিচাৰ কলা সংস্কৃতিৰ বিকাশৰ ব্যৱস্থা, অনাময় আঁচনি কাৰ্যকৰীকৰণ আৰু বিশুদ্ধ খোৱাপানী যোগানৰ দাবী জনায় ৷












