![]()
সপ্তমবাৰৰ বাবে মহিলা ক্ৰিকেট বিশ্বকাপত বিজয়ী হ’ল অষ্ট্ৰেলিয়া। ফাইনেলত ১৭০ ৰানৰ বিশাল ইনিংছ খেলে এলিচা হিলিয়ে। অষ্ট্ৰেলিয়াৰ উইকেটৰক্ষকগৰাকীৰ বেটৰ ওপৰত নিৰ্ভৰ কৰিয়েই বিশাল জয় অষ্ট্ৰেলিয়াৰ। ৭১ ৰানত ইংলেণ্ডক পৰাস্ত কৰে অষ্ট্ৰেলিয়াই।
প্রথমে বেট ধৰি ৩৫৬ ৰান সংগ্ৰহ কৰে অষ্ট্ৰেলিয়াই। উইকেটৰক্ষক হিলিয়ে অকলেই ১৭০ ৰান কৰে। সেই সময়ত তেওঁৰ স্বামী মিচেল ষ্টার্ক গেলাৰীত উপস্থিত আছিল। ৫০ অভাৰত ৫ উইকেটৰ বিনিময়ত ৩৫৬ ৰান কৰে অষ্ট্ৰেলিয়াই।
প্ৰত্যুত্তৰত ইংলেণ্ডৰ ইনিংছ থমকি ৰয় ২৮৫ ৰানত। ৪৩.৪ অভাৰত ইংলেণ্ডৰ ইনিংছ সমাপ্ত হয়। ইংলেণ্ডৰ হৈ নাটালি চিভাৰে ১২১ বলত ১৪৮ ৰান কৰি অপৰাজিত হৈ থাকে। অন্য দিশৰ পৰা এটাৰ পিছত আনটো উইকেট পৰি থাকে ইংলেণ্ডৰ।
উল্লেখযোগ্য যে ১৯৭৮ চনত প্রথমবাৰ মহিলা বিশ্বকাপত চেম্পিয়ন হৈছিল অষ্ট্ৰেলিয়া। একেৰাহে তিনিবাৰ বিশ্বকাপ জয় কৰিছিল অষ্ট্ৰেলিয়াই। তাৰ পিছত ১৯৯৭, ২০০৫, ২০১৩ আৰু ২০২২ চনত বিশ্বকাপ জয় কৰিছিল অষ্ট্ৰেলিয়াই।













