ঘোষিত হ’ল বিশ্বকাপ ফুটবলৰ সূচী। ২১ নৱেম্বৰৰ পৰা কাটাৰত আৰম্ভ হ’ব এইবাৰৰ বিশ্বকাপ ফুটবল। ফাইনেল ১৮ ডিচেম্বৰত।
আয়োজক দেশ কাটাৰ আৰু ইকুয়েডৰৰ মাজৰ মেচেৰে আৰম্ভ হ’ব এইবাৰৰ বিশ্বকাপ। প্রথমদিনা আছে ছেনেগাল-নেদাৰলেণ্ড, ইংলেণ্ড-ইৰানৰো মেচ। উক্তদিনাই আমেৰিকাই ৱেলছ, স্কটলেণ্ড এবং ইউক্রেইনৰ মাজৰ যিকোনো এটি দলৰ বিৰুদ্ধে খেলিব।
কোৱার্টাৰ ফাইনেলৰ মেচবোৰ ৯ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব। ছেমি ফাইনেল ১৩ আৰু ১৪ ডিচেম্বৰত। ফাইনেল ১৮ ডিচেম্বৰত।