![]()
মৰিয়নিৰ নকছাৰীৰ দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নাগিনীজান চাহ বাগিচাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। বাগিচাৰ বিলবস্তিৰ লক্ষীৰাম কৰ্মকাৰ নামে এজন অভিযুক্তই নিজ পত্নী চম্বাৰী কৰ্মকাৰক যোৱা নিশা শাৰিৰীক নিৰ্যাতন চলায়। লগতে ফলা খৰি, বাঁহেৰে শৰীৰৰ বিভিন্ন ঠাইত আঘাত কৰাৰ উপৰিও পত্নীক খোঁচে। ইয়াতে ক্ষান্ত নাথাকি অভিযুক্তই পত্নীৰ গুপ্তাংগত বাঁহেৰে আঘাত কৰি হত্যা কৰে।
অভিযুক্তই পত্নীক হত্যা কৰা পিছত পুঁতি থোৱাৰ বাবে যো-জা কৰোতে চুবুৰীয়া লোকে লক্ষীৰামৰ আচৰণ প্ৰত্যক্ষ কৰি দেবেৰাপাৰ আৰক্ষীক খবৰ দিয়ে। বিগত দিন ধৰি, লক্ষীৰামে পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই আহিছিল আৰু কালি মদৰ বটল বিচাৰি পত্নীৰ ওপৰত চলোৱা নিৰ্যাতন চৰম পৰ্যায় পোৱাৰ ফলত হত্যাকাণ্ড সংঘটিত হয়।
পৰৱৰ্তী সময়ত, দেবেৰাপাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী স্বামী লক্ষীৰামক আটক কৰে । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।













