![]()
নিলাম হ’বলৈ আগবাঢ়িছে বিশ্বৰ সৰ্ববৃহৎ বগা হীৰা ‘দ্য ৰক’। আগন্তুক মে’ মাহত ছুইজাৰলেণ্ডত এক বিশেষ অনুষ্ঠানত নিলামত তোলা হ’ব হীৰাটুকুৰাক৷ নিলাম সংস্থা ক্রিষ্টিজে এই কথা জনাইছে।
২২৮ কেৰেটৰ এই হীৰাখণ্ড প্রায় দুই দশক পূৰ্বে দক্ষিণ আফ্রিকাত পোৱা গৈছিল। অনুমান কৰা হৈছে, নিলামত ইয়াৰ মূল্য উঠিব পাৰে প্রায় ২২৭ কোটি টকা।
নিলামত উঠাৰ পূৰ্বে বিভিন্ন দেশত ‘দ্য ৰক’ৰ প্রদর্শনী হ’ব। ২৬-২৯ মার্চ পর্যন্ত ডুবাইত, ২৯ এপ্রিল-১ মে’ পর্যন্ত টাইপেই আৰু নিউয়র্কৰ ৰকফেলাৰ প্লাজাত প্রদর্শিত হ’ব এই হীৰা। সৰ্বশেষত ৬ মে’-১১ মে’লৈকে জেনেভাত প্রদর্শিত হ’ব। তাতেই ক্রিষ্টিজে এক বিশেষ অনুষ্ঠানৰ জৰিয়তে নিলামত তুলিব হীৰাটুকুৰাক।
উল্লেখ্য, ২০১৭ চনত ক্রিষ্টিজৰ দ্বাৰা নিলাম হোৱা সৰ্ববৃহৎ বগা হীৰা আছিল ১৬৩.৪১ কেৰেটৰ। নিলাম মূল্য উঠিছিল প্রায় ২৫৫ কোটি টকা। ‘দ্য ৰক’-এ মূল্য পাৰ কৰেনে নাই সেয়া লক্ষণীয় হ’ব।













