![]()
ৰঙালী বিহুলৈ সাজু হৈছে প্ৰতিগৰাকী কণ্ঠশিল্পী তথা কলা-কুশলী। বিহু বুলিলেই সাতখন-আঠখন লাগি থকা অসমবাসীৰ বাবে বিহুৰ অনুষ্ঠান এটি আৱেগৰ বিষয়। ব’হাগ; বিগত দুটা বছৰ বিহুটো ভালকৈ উলহ-মালহেৰে উদযাপন কৰিবলৈ নোৱাৰি এইবাৰ দুগুণ উৎসাহেৰে ব’হাগ বিহুৰ বাবে সাজু হৈছে সকলো।
আপোনালোক সকলো নিশ্চয় জ্ঞাত যে, অসমৰ প্ৰতিগৰাকী শিল্পীয়ে বিহু অনুষ্ঠানত পৰিৱেশন কৰাৰ বাবদ এটি মোটা অংকৰ মাননি গ্ৰহণ কৰি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। ২০২২ বৰ্ষৰ ৰঙালী বিহু অনুষ্ঠানত পৰিৱেশন কৰিবলৈ কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই গ্ৰহণ কৰিব ৮ লাখৰ পৰা ১০ লাখ টকা পৰ্যন্ত। আনহাতে, কণ্ঠশিল্পী দীপলিনা ডেকাই গ্ৰহণ কৰিব ৩ লাখৰ পৰা প্ৰায় ৩.৫০ লাখকৈ টকা।
এতিয়া অনাগত সময়ত আন শিল্পী সমূহে কিমান টকাকৈ নিজ মাননি সমূহ গ্ৰহণ কৰিব, সেয়া হ’ব লক্ষণীয়।













