![]()
ৰঙিয়াৰ তুলসীবাৰীত আজি সংঘটিত এক পথ দুৰ্ঘটনাত নিয়ন্ত্ৰণ হেৰুৱাই তিনিজন লোক আহত হয়। তিনিও জন লোকৰ মাজৰ এগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি, তামুলপুৰৰ বৰখাটাত এএছ-১২-টি-৮৩৫৭ নম্বৰৰ এক্সইউভি গাড়ীখনে তীব্ৰবেগত আহি প্ৰথমে এজনক খুন্দিয়াই পলায়ন কৰে ।

পিছত আৰক্ষীয়ে পিছ লোৱাত গাড়ীখনে তীব্ৰ বেগেৰে আহি ৰঙিয়াৰ তুলসীবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই তিনিজন পথচাৰীক খুন্দিয়ায় ।
পৰৱৰ্তী সময়ত, ৰাইজৰ সহযোগত তুলসীবাৰী আৰক্ষীয়ে গাড়ী খন জব্দ কৰিবলৈ সক্ষম হয় । উদণ্ড চালকক একাংশ উত্তেজিত লোকে উত্তম-মাধ্যম সোধায় । আৰক্ষীয়ে কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি চালকজনক তামুলপুৰলৈ নিয়ে।













