![]()
অসম বিধানসভাত শাসক-বিৰোধী বিধায়কৰ আচৰণ আৰু নাক-দাঁতৰ সুৰক্ষাৰ স্বাৰ্থত স্মাৰক পত্ৰ প্ৰদান। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ মঙলবাৰে স্মাৰক পত্ৰ প্ৰদান কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে।
চলিত অসম বিধানসভা বাজেট অধিৱেশনত শাসক-বিৰোধী বিধায়কৰ কথা-বতৰা আচৰনে এই পত্ৰখন লিখিবলৈ বাধ্য কৰিছে।বাজেট অধিৱেশনৰ পোনপটীয়াক সম্প্ৰচাৰত দেখিবলৈ পাইছোঁ।
পবিত্ৰ সদনক গৰু গোহালিলৈ ৰূপান্তৰ কৰিছে।গাঁৱত নদাই ভদাইয়ে পুৱা-গধূলি কাজিয়া কৰা দৰে বিধায়কসকলে কাজিয়া পৰিস্থিতি সৃষ্টি কৰিছে।হাঁহি খিকিন্দালৈ আৰু ঠাট্টা মস্কৰাৰে অবৰ্ণনীয় পৰিৱেশন বিৰাজমান কৰি- গাঁৱৰ খালি পথাৰত এজাক ফকলীয়া লৰাই যেন টেঙা বলহে খেলি আছে-স্মাৰক পত্ৰত এইদৰে উল্লেখ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ।
গুৰুত্বপূৰ্ণ কথা অসম বিধানসভা শেহতীয়া পৰিৱেশত অস্বস্তিত পৰা সংগঠনটোৱে আৰু কয়-অসমৰ জনগণ মাজত জন-প্ৰতিনিধি প্ৰতি বিৰোপ মনোভাৱ সৃষ্টি হোৱা লগতে বিধানসভা পবিত্ৰ সদনৰ মান-মৰ্য্যদাক উপহাস কৰা যেন অনুভৱ হৈছে।আগন্তক দিনসমূহত এনেকুৱা পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা দাবী জনায়।
আনহাতে শেহতীয়াকৈ পশ্চিমবংগ বিধানসভাত হোৱা ঘটনাৰ উদ্ধৃতি দি সংগঠনটোৱে কয়-অসম বিধানসভা এই পৰিৱেশ যদিহে নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেন্তে পশ্চিমবংগ বিধানসভাত সংঘটিত হোৱা দৰে বিধায়ক সকলৰ ঘুচিয়া-ঘুচিত নাক-দাঁত ভাঙিব।এই ক্ষেত্ৰত অধ্যক্ষই সু-ব্যৱস্থা গ্ৰহনে অসম বিধানসভা মান-মৰ্য্যদা অক্ষুন্ন ৰাখিব লাগে বুলিও স্মাৰক পত্ৰত কয়।













