![]()
ডিফু : অসম-নাগালেণ্ড সীমান্তত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ তিনি নগা ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষী জালত পৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা গোপন সূত্ৰৰ ভিত্তিত বোকাজান থানাৰ অ’চি মৌবলিক ব্ৰক্ষৰ নেতৃত্বত খটখটী থানাৰ অ’চি ৰাজু দুৱৰা আৰু উপ-পৰিদৰ্শক নিতুল শইকীয়াৰ লগতে সংগীয় ষ্টাফসহ খটখটী থানা এলেকাৰ লাহৰিজান ড্ৰীমস্কাই হোটেলৰ ওচৰত এক নাকা তালাচী অভিযান চলায় ৷
তালাচী কালত ডিমাপুৰৰ পৰা আহি থকা NL-01-H 3804 নম্বৰৰ নীলা ৰঙৰ মাৰুতি অমনি-ই ভান এখন তালাচী চলাই ভানখনত থকা তিনিজন নগালোকক নিষিদ্ধ হেৰ’ইনসহ আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীৰ দলটোৱে লোক তিনিজনৰ কৱলৰ পৰা দুটা বেগত ৫৫টা চাবোনৰ বাকচত মুঠ ৭১১’০৬ গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ হেৰ’ইনখিনিৰ সৈতে ধৃত সৰবৰাহকাৰী নগা যুৱক তিনিটা ক্ৰমে, নাগালেণ্ড ফেক জিলাৰ ফাটচাৰ’ থানা এলেকাৰ ভিষ্ট’ প’হেনা, শ্বুংগৱা ডুকৰু আৰু আৰু ছলুনি প’হেনা বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত সৰবৰাহকাৰী তিনিটাৰ পৰা আৰক্ষীয়ে নিষিদ্ধ হেৰ’ইনখিনিৰ লগতে দুটা মোবাইল হেণ্ডছেটৰ লগতে নগদ ২৩ হাজাৰ টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
আনহাতে জব্দ হোৱা নিষিদ্ধ হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷












