![]()
২০১৯ চনত আধাতে বন্ধ হৈ গৈছিল অমৰনাথ তীর্থযাত্রা। ৩৭০ ধাৰাৰ বিলুপ্তিৰ ফলত সেই সময়ত দুটা পৃথক কেন্দ্রীয়শাসিত অঞ্চললৈ পৰিণত হয় জম্মু আৰু কাশ্মীৰ। তাৰ পিছত অতিমাৰিৰ আগমনত দুবছৰ ধৰি বন্ধ হৈ আছিল এই পবিত্র যাত্রা। পিছে এইবাৰ তীর্থযাত্রীসকলৰ বাবে সুখবৰ, অহা ৩০ জুনৰ পৰা পুনৰ আৰম্ভ হ’ব অমৰনাথ যাত্রা। ৪৩ দিন ধৰি চলিব এই তীর্থযাত্রা।
লেফটেনেন্ট গভর্নৰ মনোজ সিনহাৰ সভাপতিত্বত শ্রীঅমৰনাথজি শ্রাইন বোর্ডৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।
লেফটেনেন্ট গভর্নৰৰ কার্যালয়ৰ পৰা সোমবাৰে টুইট কৰি কোৱা হয়, ‘সকলো কোভিডবিধি মানি ৪৩ দিনৰ পবিত্র তীর্থযাত্রা আৰম্ভ হ’ব ৩০ জুনত। প্রথা মানি ৰাখিবন্ধনৰ দিনা সেয়া শেষ হ’ব। এই যাত্রাৰ সকলো বিষয় সন্দৰ্ভত বিস্তাৰিত আলোচনা হৈছে।’
উল্লেখ্য, ২০০০ চনত গঠিত হয় শ্রীঅমৰনাথজি শ্রাইন বোর্ড৷ তাত এক্স-অফিচিও চেয়াৰমেনৰ পদত ৰখা হয় জম্মু-কাশ্মীৰৰ রাজ্যপালক। দেৱাদিদেৱ মহাদেৱৰ প্রতি শ্রদ্ধাত প্রতি বছৰে লক্ষ লক্ষ ভক্ত কষ্টকৰ এই তীর্থযাত্রালৈ যায়। কোভিডৰ কাৰণে একেৰাহে দুবছৰ বন্ধ আছিল অমৰনাথ যাত্রা।













