![]()
জীয়াৰীৰ ধর্ষণকাৰীক হত্যাৰ পিছত মৃতদেহ টুকুৰা টুকুৰ কৰি নদীত উটুৱাই দিয়াৰ অভিযোগ উঠিল দুই ব্যক্তিৰ বিৰুদ্ধে। তাৰে এজন হৈছে ছোৱালীজনাৰ পিতৃয আৰু আনজন মোমায়েক। শনিবাৰে ঘটনাটি ঘটে মধ্যপ্রদেশৰ খাণ্ডোৱাত।
সোমবাৰে আৰক্ষীৰ ওচৰলৈ খবৰ আহে যে অজনল নদীত এজন ব্যক্তিৰ মুণ্ডহীন মৃতদেহ ভাহি আছে। তদন্তত নামি আৰক্ষীয়ে জানিব পাৰে যে মৃত ব্যক্তিজনৰ নাম ত্রিলোকচামন্দ। বয়স ৫৫।
খাণ্ডোৱাৰৰ শক্তপুৰ গাঁৱৰ বাসিন্দা। আৰক্ষীয়ে অনুসন্ধান কৰি জানিব পাৰে যে শনিবাৰেই অন্তিমবাৰৰ বাবে তেওঁক দেখা গৈছিল। তাৰ পিছৰ পৰা তেওঁৰ আৰু কোনো সন্ধান নাই। তাৰ পিছতেই সোমবাৰে ৪০ কিলোমিটাৰ দূৰৈত তেওঁৰ মৃতদেহ অজলন নদীত ওপঙি উঠে।
আৰক্ষীয়ে জনোৱা মতে, এগৰাকী কিশোৰীক ধর্ষণৰ অভিযোগ উঠিছিল ত্রিলোকচান্দৰ বিৰুদ্ধে। তেওঁক শাস্তি দিয়াৰ বাবে সুযোগ বিচাৰি আছিল কিশোৰীগৰাকীৰ পিতৃ আৰু মোমায়েকে। শনিবাৰে সেই সুযোগ আহে।
ত্রিলোকচান্দক বাইকত বহুৱাই অজলন নদীৰ পাৰলৈ লৈ যায় কিশোৰীগৰাকীৰ পিতৃ আৰু মোমায়েকে। তাত প্রথমতে ত্রিলোকচান্দৰ মুণ্ডচ্ছেদ কৰে দুয়োজনে। তাৰ পিছত তেওঁৰ মৃতদেহ টুকুৰা কৰি নদীত পেলাই দিয়ে। ত্রিলোকচান্দক হত্যা কৰিবলৈ মাছকটা বঠি ব্যৱহাৰ কৰা হৈছিল বুলি প্রাথমিক অনুমান আৰক্ষীৰ।
ইফালে দুই অভিযুক্তকে গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, ত্রিলোকচান্দ অভিযুক্তসকলৰ আত্মীয় আছিল।













