![]()
অসমৰ উদীয়মান চিত্ৰশিল্পী নীলিম মহন্তক দুদিনৰ বাবে আৰক্ষী জিম্মালৈ।অৰুণাচল আৰক্ষীয়ে দুদিনৰ বাবে নিজৰ জিম্মাত লৈছে মহন্তক।
উল্লেখ্য যে বৃহৎ নদীবান্ধ বিৰোধী শ্লোগান সমৃদ্ধ দেৱাল অংকন কৰা অভিযোগত দেওবাৰে অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শিল্পী মহন্তক।অসম আৰক্ষী সহযোগত অৰুণাচল আৰক্ষীয়ে মহন্তক লক্ষী
তাপৰ্যপূৰ্ণ কথা যে অৰুণাচল প্ৰদেশৰ ৫০বছৰ পূৰ্তি স্মৰণীয় দেৱালত ‘NO BIG DAM’ লিখা অভিযোগ মহন্ত বিৰুদ্ধে।ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছিল।উল্লেখ্য কা’ আন্দোলন কৰি অখিল গগৈ কাৰাবন্দী হৈ থকা সময়ত অসমৰ বিভিন্ন প্ৰান্তত গগৈ চিত্ৰ অংকন কৰিও আৰক্ষী হাতত আটক হৈছিল।
আনহাতে শিৱসাগৰ বিধায়ক, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মহন্তক গ্ৰেপ্তাৰ অগণতান্ত্ৰিক আখ্যা।শীঘ্ৰে অৰুণাচল আৰক্ষীক মুকলি কৰি দিয়া দাবী গগৈ।
ইফালে পুত্ৰক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা পাছতেই মাতৃয়ে কয়-সি আচলতে বৰ সত্য-নিষ্ঠ লৰা,মিছা আশ্ৰয় নলয় ।
সৰুৰে পৰা ছবি আঁকি ভাল পাই।ছবিৰে প্ৰকাশ কৰে তাৰ মনৰ ভাষা।কোনোবাই হয়তো তাক প্ৰকাশ কৰাৰ অনুমতি দিলে সেই বাবে প্ৰকাশ কৰিছিল।কিন্তু সেইয়া অপৰাধ হব বুলি ভবা নাছিল।যদি ভুল হৈছে চৰকাৰে সেই ভুলখিনি আঙুলিয়াই ক্ষমা কৰক।
“দুখ লাগিছে, দেশৰ বিপৰীতে সি কোনো কাম নকৰে।প্ৰকৃতিক ভালপোৱা লৰা, সমাজৰ বাবে কাম কৰে।সি মোৰ ওচৰত থাকি সময় দিব নোৱাৰে।সমাজৰ বাবেই মই তাক এৰি দিছোঁ, সি সমাজৰ লৰা হৈ পৰিছে।মাতৃ হিচাপে মইও বিচাৰোঁ তাক কাষত কিন্তু সময় নাথাকে” – মাতৃয়ে কয়।
ঘৰত পৰিয়ালক সময় দিম বুলিয়েই গুৱাহাটী পৰা আহিছিল।কিন্তু কোনোবাই মাতিলে সি অৰুণাচলত ছবি অংকন কৰিবলৈ গৈছিল।তাৰ পাছতে এই ঘটনা হৈছে।ইফালে মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাই মাতৃয়ে কয়- মোৰ লৰাটোক নিৰাপদে উলিয়াই দিয়ক।













