কামৰূপ আৰক্ষীয়ে শেহতীয়াকৈ ৰঙিয়াত ড্ৰাগছ সৰবৰাহকাৰীক এনকাউণ্টাৰ কৰে। আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ লওঁতেই বিদ্যুৎ দেৱ ওৰফে বিপ্লৱক দুইজাই গুলী কৰে আৰক্ষীয়ে। আৰু, পৰৱৰ্তী সময়ত তেখেতক জিএমচিএইচত ভৰ্তি কৰোৱা হয়। বিপ্লৱ আৰু আন এক সৰবৰাহকাৰীৰ লগতে কামৰূপ আৰক্ষীয়ে তেওঁলোকৰ পৰা ৩ কোটি ৫০ লাখ টকাৰ ৬৪৬ গ্ৰাম হিৰইন জব্দ কৰে।
মণিপুৰৰ পৰা দুই সৰবৰাহকাৰীয়ে ড্ৰাগছ সহ অহাৰ খবৰ গোপন সূত্ৰ যোগে লাভ কৰি কামৰূপ আৰক্ষীয়ে নিশা ৰঙিয়াৰ বঙালীকুছিত ৰৈ থাকে।
পিছত, AS01BN2633 নম্বৰৰ বলেৰ’ত দুজন যুৱক অহাত তালাচি চলাই গাড়ীখনৰ এক্সেলেটৰ আৰু চেছিছৰ ভিতৰত কেইবাটাও পেকেটত বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ হয়। লগে লগে গাড়ীখনৰ চালকৰ লগতে মূল সৰবৰাহকাৰী বিদ্যুৎ দেৱ ওৰফে বিপ্লৱক ৰঙিয়া থানালৈ নিয়া হয়।
পৰৱৰ্তী আৰক্ষীৰ জেৰাৰ সময়ত থানাত বিপ্লবে এটা পেকেট পেলাই থৈ অহা বুলি কয় আৰু সেই ঠাইখিনিত পেকেটটো বিচাৰিবলৈ বিপ্লৱক লৈ যোৱা হয়। বিপ্লৱে তেতিয়া কাষতে থকা এটা কনিষ্টবলৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে দুইজাই গুলী চলাবলগীয়া পৰে।
পিছত ভৰিত আঘাটপ্ৰাপ্ত হোৱা বিপ্লৱক লগে লগে জিএম চি এইচত ভৰ্ত্তি কৰোৱা হয়। এই অভিযানৰ ক্ষেত্ৰত বিশেষ ভাৱে আৰক্ষীৰ DGP , Special DGP , JCP য়ে সহায় কৰাৰ বাবে কামৰূপ SP য়ে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।