![]()
ষ্টাফ ৰিপৰ্টাৰঃ
ডিফুঃ ডকমকা আৰক্ষীৰ বৃহৎ সফলতা। বিশেষ সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত এটা চোৰাং গঁড়ৰ খৰ্গ উদ্ধাৰ। এই কাৰ্যত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ দুজন।

প্ৰাপ্ত তথ্য মতে, এক নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত যোৱা ২৩ মাৰ্চত ডকমকা আৰক্ষীয়ে এক অভিযান চলায়। অভিযানত থানা এলেকাৰ অধীনৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে এটা সন্দেহজনক গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে। লগতে পৰিত্যক্ত অৱস্থাত থকা কিছু নথিপত্ৰও উদ্ধাৰ কৰা হয়। ইয়াৰ পিছতে উক্ত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হয়।
উদ্ধাৰ হোৱা নথিপত্ৰ আৰু আৰক্ষীৰ বুদ্ধিমত্তাৰ ভিত্তিত ৰংমংৱে আৰক্ষী থানাৰ অধীনৰ পিতা-পুত্ৰ দুগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। ব্যক্তি দুজন হৈছে কাট ইংতি গাঁৱৰ মদন চাহু আৰু জিতেন চাহু। জেৰাৰ সময়ত তেওঁলোকে সন্দেহজনক গঁড়ৰ খৰ্গটো হাওৰাঘাট-ডকমকা অঞ্চললৈ লৈ অহা বুলি স্বীকাৰ কৰে। লগতে খৰ্গটো বিক্ৰীৰ উদ্দেশ্যে তেওঁলোকৰ এজন সহযোগীক দিয়া বুলিও প্ৰকাশ কৰে। জেৰাৰ সময়ত তেওঁলোকে খৰ্গটো প্ৰকৃত গঁড়ৰ খৰ্গ বুলিও দাবী কৰে।
সমগ্র অভিযানটোৰ নেতৃত্ব দিয়ে উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) এপিএছ নাহিদ কৰিশ্মাই। অভিযানত সহযোগিতা আগবঢ়ায় নীলমণি মালাকাৰ, অ’চি ডকমকা আৰক্ষী থানা, এএছআই (ইউবি) সুজিব বসুমতাৰী আৰু আৰক্ষীৰ এটা দলে। উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) নাহিদ কৰিশ্মাই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে।













