![]()
নিউজ ডেস্কঃ
পেট্র’ল–ডিজেলৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছৰ মূল্য বাঢ়িছে। মধ্যবিত্তৰ মূৰত মাধমাৰ পৰিছে। এইবাৰ চিন্তা আৰু বাঢ়িল। ১ এপ্রিলৰ পৰা একাধিক ঔষধৰ মূল্য বৃদ্ধি পাব। ২০২১ চনৰ বিত্তীয় বর্ষ অনুযায়ী ঔষধৰ মূল্য ১০.৭ শতাংশ বাঢ়িছে। জানিব পৰা মতে, পেৰাচিটামলৰ পৰা আৰম্ভ কৰি ৰক্তচাপৰ ঔষধ, অতি জৰুৰী হার্টৰ ঔষধ আৰু সংক্রমণৰ ঔষধৰ দাম বাঢ়িব।
নেচনেল ফার্মাচিউটিকেল প্রাইছিং অথৰিটি অব ইণ্ডিয়াই জনাইছে যে হোলছেল প্রাইজ ইনডেক্সৰ পৰিবর্তন কৰা হৈছে। যাৰ ফলত মূল্য বাঢ়িছে প্ৰায় ৮০০বিধ ঔষধৰ। যাৰ ভিতৰত অধিকাংশই অত্যাৱশ্যকীয় ঔষধ। এনপিপিএৰ তৰফৰ পৰা নির্দেশনা জাৰি কৰি কোৱা হৈছে, ‘কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ অর্থনীতি পৰামর্শদাতা বিভাগৰ সূত্রৰ তথ্য অনুযায়ী, ২০২০ চনৰ তুলনাত ২০২১ চনৰ হিচাবৰ ভিত্তিত ঔষধৰ দাম ১০.৭৬ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।’
জ্বৰ, সংক্রমণ, হৃদৰোগ, উচ্চ ৰক্তচাপ, ৰক্তহীনতা, ছালৰ ঔষধৰ দাম বৃদ্ধি পাব ১ এপ্রিলৰ পৰা। ফলত পেৰাচিটামল, ফেনোবাৰবিটোন, ফেনিটোইন ছডিয়াম, অ্যাজিথ্রোমাইচিন, চিপ্রোফ্লোক্সাচিন, হাইড্রোক্লোৰাইড আৰু মেট্রোনিডাজলৰ দৰে ঔষধৰ দাম বাঢ়িছে। ড্রাগ (প্রাইজ কন্ট্রোল) অর্ডাৰ, ২০১৩ৰ নির্দেশনা অনুযায়ীয়েই পৰৱর্তী পদক্ষেপ গ্রহণ কৰা হ’ব বুলি জনোৱা হৈছে।













