![]()
নিউজ ডেস্কঃ
সন্তানৰ মৃতদেহ কান্ধত লৈ ১০ কিলোমিটাৰ খোজকাঢ়িলে পিতৃ অভিযোগ, মৃতদেহ কঢ়িয়াবলৈ নাপালে গাড়ী। অগত্যা সাত বছৰীয়া কন্যাৰ মৃতদেহ কান্ধত লৈয়েই ঘণ্টাৰ পিছত ঘণ্টা খোজকাঢ়িলে পিতৃয়ে। ঘটনাটি ঘটিছে শুক্রবাৰে।
জানিব পৰা মতে, ঈশ্বৰ দাস থাকে ছত্তিশগড়ৰ আমডালা গাঁৱত। অসুস্থ কন্যা সুৰেখাক লৈ লখনপুৰ কমিউনিটি স্বাস্থ্য কেন্দ্রলৈ যায় তেওঁ। চিকিৎসকে জনাইছে, ‘ছোৱালীজনীৰ অক্সিজেন লেভেল ৬০ৰ তলত আছিল।
কেইদিনমান ধৰি জ্বৰত ভুগিছিল ছোৱালীজনী। চিকিৎসকে চেষ্টা কৰিলেও পুৱা চাৰে সাতটা বজাত তেওঁৰ মৃত্যু হয়।’ ইয়াৰ পিছত মৃত কন্যাক গাঁৱৰ ঘৰলৈ লৈ যোৱাৰ বাবে গাড়ী বিচাৰে ঈশ্বৰে। কিন্তু অভিযোগ, গাড়ী নাপালে তেওঁ। অগত্যা কান্ধত উঠায়েই কন্যাৰ মৃতদেহ লৈ ঘৰলৈ উভতে। সুৰগুজা জিলাৰ উক্ত স্বাস্থ্যকেন্দ্ৰৰ পৰা ঈশ্বৰৰ ঘৰলৈ প্ৰায় ১০ কিলোমিটাৰ।
কন্যাৰ মৃতদেহ কান্ধত লৈ খোজকাঢ়ি যোৱা ব্যক্তিজনৰ ভিডিও ভাইৰেল হোৱাৰ লগে লগে তৎপৰ হৈছে প্রশাসন। ৰাজ্যৰ স্বাস্থ্যমন্ত্রী টিএছ সিংদেৱে ঘটনাৰ পূর্ণাঙ্গ তদন্ত বিচাৰিছে। ঘটনাৰ সত্যতা উদ্ঘাটন কৰি উপযুক্ত পদক্ষেপ গ্ৰহণৰ কথা কৈছে সংশ্লিষ্ট বিষয়াসকলক।













