![]()
নিউজ ডেস্কঃ
পুনৰ বৃদ্ধি পালে ইন্ধনৰ দাম। চলিত সপ্তাহত ইয়াকে লৈ চতুর্থবাৰ পেট্র’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পালে। এইবাৰ লিটাৰে প্রতি ৮০ পইচা বৃদ্ধি হ’ল দুই ইন্ধনৰ দাম। ২২ মার্চৰ পৰা চাৰিবাৰত মুঠ ৩ টকা ৩৪ পইচা দাম বাঢ়িল ইন্ধনৰ।
শনিবাৰে পুৱা ৬টাৰ পৰা এই নতুন মূল্য কার্যকৰী হৈছে। দাম বৃদ্ধিৰ ফলত ৰাজধানী দিল্লীত লিটাৰে প্রতি পেট্র’ল আৰু ডিজেলৰ দাম হ’ল যথাক্রমে ৯৮.৬১ আৰু ৮৯.৮৭ টকা। কলকাতাত পেট্র’লৰ দাম ৮৩ পইচা বৃদ্ধি পাই হৈছে ১০৮.০১ টকা।
মুম্বাইত লিটাৰে প্রতি পেট্র’ল আৰু ডিজেলৰ দাম যথাক্রমে ১১৩.৩৫ আৰু ৯৭.৫৫ টকা। বৃদ্ধি পাইছে যথাক্রমে ৮৪ আৰু ৮৫ পইচাকৈ। গুৱাহাটীত আজি পেট্ৰ’লৰ মূল্য ৯৭.২৩ টকা আৰু ডিজেলৰ মূল্য ৮৩.৩৬ টকা।













