![]()
নিউজ ডেস্কঃ
ইউক্রেইনত প্রথম পর্যায়ৰ সামরিৰিক অভিযান সমাপ্ত হোৱা বুলি জনালে ৰাছিয়াই। শুক্রবাৰে, যুদ্ধৰ ৩০তম দিনত ৰুছ সেনাই জনাইছে, প্রথম পৰ্যায়ৰ অভিযানত তেওঁলোকৰ লক্ষ্য পূৰণ হৈছে। তেওঁৰ দাবী, সম্প্ৰতি আক্রমণৰ তীব্ৰতা কিছু কমোৱাৰ কাৰণেই ৰুছ ফৌজৰ অগ্রগতি থমকি ৰোৱা বুলি বহুতে অনুমান কৰিছে।
শুক্রবাৰে ৰুছ সেনাৰ ‘ফাৰ্ষ্ট ডেপুটি চিফ অব জেনেৰেল ষ্টাফ’ কর্নেল জেনেৰেল ছের্গেই ৰুডস্কয় এক মাহৰ যুদ্ধ পৰিস্থিতি ব্যাখ্যা কৰি কৈছে, ‘‘সাধাৰণভাবে সেনা অভিযানৰ প্রথম পর্যায়ৰ প্রধান কামবোৰ শেষ হৈছে। আমি এতিয়া মূল লক্ষ্য অর্জনৰ বাবে পূব ইউক্রেইনৰ দিশে বেছি গুৰুত্ব দিয়া হৈছে।’’ ৰুছ সেনাৰ সেই ‘লক্ষ্য’ৰ কথাও সুনির্দিষ্টভাবে কৈছে কর্নেল জেনেৰেল ৰুডস্কয়— সেয়া হৈছে ‘‘ডনবাছৰ মুক্তি।’’
উল্লেখ্য, ইউক্রেইনত সেনাৰ এটি সূত্র উদ্ধৃত কৰি শুক্রবাৰে দেশখনৰ সংবাদ-পত্র ‘দ্য কিভ ইণ্ডিপেণ্ডেন্তে’ দাবী কৰিছে, অহা ৯ মে’ত ইউক্রেইন অভিযানত ইতি টানিব পাৰে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।
দ্বিতীয় বিশ্বযুদ্ধত নাৎসি জার্মানীৰ চূড়ান্ত পৰাজয়ৰ পিছত ১৯৪৫ চনৰ উক্ত তাৰিখতেই চৰকাৰীভাবে সামৰিক অভিযানত ইতি টানিছিল অবিভক্ত ছোভিয়েট ইউনিয়নৰ তৎকালীন ৰাষ্ট্ৰপতি জোছেফ ষ্টেলিনে। বৰ্তমান ৰাছিয়াজুৰি ৯ মে’ত উৎসব পালিত হয়। প্রকাশিত খবৰৰ দাবী, পুটিনে এইবাৰ ষ্টেলিনৰ পদাঙ্ক অনুসৰণ কৰিব।













