![]()
মনোৰঞ্জনঃ
‘দ্য কাশ্মীৰ ফাইলছ’ মুক্তিৰ পিছৰে পৰা বক্স অফিচত ই খলকনিৰ সৃষ্টি কৰি আহিছে। প্ৰথমে প্ৰভাসৰ ‘ৰাধে শ্যাম’ আৰু তাৰ পিছত অক্ষয় কুমাৰৰ ‘বচ্চন পাণ্ডে’, কোনেও যেন ফেৰ মাৰিব পৰা নাই “কাশ্মীৰ ফাইলচ” ৰ সৈতে। কিন্তু, ২৫ মাৰ্চত ছবিগৃহত মুক্তি পোৱা এছ এছ ৰাজামৌলীৰ ‘আৰআৰআৰ’য়ে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে।
বক্স অফিচ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, ‘আৰআৰআৰ’ ৰ হিন্দী সংস্কৰণৰ বাবে দৰ্শকে ৮ কোটি টকাৰ আগতীয়া বুকিং পঞ্জীয়ন কৰিছে। মহামাৰীৰ সময়ত মুকলি হোৱা ৰণবীৰ সিঙৰ ‘৮৩’ৰ পিছত এইটো দ্বিতীয় সৰ্ববৃহৎ অংক। অৱশ্যে ‘৮৩’য়ে ‘আৰআৰআৰ’ তকৈ আগতীয়া বুকিঙত অলপ বেছি উপাৰ্জন কৰিছিল।
প্ৰতিবেদন অনুসৰি, ‘আৰ.আৰ.আৰ.’-ৰ খলকনিৰ হাৰত আগতীয়া বুকিং বৰ্তমানলৈকে সম্পন্ন হোৱা নাই যদিও অনাগত দিনত এই দৃশ্য সম্পূৰ্ণ বেলেগ হ’ব পাৰে। ইফালে, যোৱা কেইদিনমানৰ পৰা ‘দ্য কাশ্মীৰ ফাইলছ’ ৰ সংগ্ৰহ কিছু নিম্নগামী হৈ পৰিছে। যিটো ‘আৰআৰআৰ’ ৰ বাবে এটা সুবিধা হিচাবে প্ৰমাণিত হ’ব পাৰে। অৱশ্যে, ‘দ্য কাশ্মীৰ ফাইলছ’ য়ে ইতিমধ্যে নিজৰ কাম কৰিছে আৰু তৃতীয় সপ্তাহৰ আগতেই বক্স অফিচত ২০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে।
‘দ্য কাশ্মীৰ ফাইলছ’ হৈছে বাহুবলী: দ্য কনক্লুচন আৰু দঙ্গলৰ পিছত দ্বিতীয় সপ্তাহত ১০০ কোটি বা ততোধিক উপাৰ্জন কৰা ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰ তৃতীয় খন ছবি। ছবিখনত অনুপম খেৰ আৰু দৰ্শন কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে, যাক বিবেক অগ্নিহোত্ৰীয়ে পৰিচালনা কৰিছে।
আৰআৰআৰ- ৰৌদ্ৰাম ৰানাম ৰুধিৰাম’ এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত। ইয়াত ৰাম চৰণ, জুনিয়ৰ এনটিআৰ, আলিয়া ভাটৰ সৈতে অজয় দেৱগনেও অভিনয় কৰিছে। ‘আৰআৰআৰ’ ছবিখন এটা কাল্পনিক কাহিনী যিয়ে বন্ধুত্ব আৰু বিপ্লৱৰ বিষয়বস্তুক একত্ৰিত কৰে। ছবিখন মহাত্মা গান্ধীয়ে দেশৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰা ঘটনাৰ ওপৰত আধাৰিত।













