![]()
নিউজ ডেস্কঃ
হাইটেনছন বিদ্যুৎ পৰিবাহী তাঁৰৰ উচ্চ টাৱাৰৰ ওপৰত উঠি বহি আছে এগৰাকী মহিলা। বৃহস্পতিবাৰে সন্ধ্যা গাঁৱৰ কাষতে থকা খুঁটাৰ এই দৃশ্য চকুত পৰাৰ লগে লগেই প্রমাদ গণে পশ্চিমবংগৰ বাঁকুড়াৰ মেজিয়া থানাৰ সীতাৰামপুৰ গাঁৱৰ বাসিন্দাসকলে। ততাতৈয়াকৈ খবৰ দিয়া হয় আৰক্ষীক।
ইয়াৰ পিছত উপস্থিত হয় আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, অসামৰিক সুৰক্ষা আৰু ডিভিচিৰ কর্মচাৰীসকল। চাৰিওটা বিভাগৰ কর্মচাৰীসকলৰ ওৰেনিশাজুৰি চলা চেষ্টাত শুক্রবাৰে পুৱাতেই মহিলাগৰাকীক নমাই অনাটো সম্ভৱ হয়। টাৱাৰৰ পৰা নমাৰ পিছতেই মহিলাগৰাকীক আটক কৰে মেজিয়া থানাৰ আৰক্ষীয়ে।
মেজিয়া তাপবিদ্যুৎ কেন্দ্রৰ পৰা বিদ্যুৎ পৰিবাহী হাইটেনছন লাইন গৈছে মেজিয়া ব্লকৰ সীতাৰামপুৰ গাঁৱৰ কাষেৰে। স্থানীয় সূত্র মতে, উক্ত হাইটেনছন বিদ্যুৎ পৰিবাহী টাৱাৰৰ ওপৰত বৃহস্পতিবাৰে উঠি বহি আছিল অজ্ঞাত পৰিচয়ৰ মধ্য বয়সীয়া এগৰাকী মহিলা।
তেওঁক তাত উঠা কোনোৱে নেদেখিলেও বৃহস্পতিবাৰে সন্ধ্যা বিষয়টি দৃষ্টিগোচৰ হয় গাঁওবাসীৰ। বিদ্যুৎস্পৃষ্ট হৈ যিকোনো সময়তে দুর্ঘটনা সংঘটিত হোৱাৰ আশঙ্কাত ততাতৈয়াকৈ খবৰ দিয়া হয় মেজিয়া থানাত।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক খুঁটাৰ পৰা নামি অহাৰ বাবে কাকুতি-মিনতি কৰিবলৈ আৰম্ভ কৰে। কিন্তু নির্বিকাৰ মহিলাগৰাকীয়ে আৰক্ষীৰ সেই আবেদনত কাণসাৰ নিদিয়াত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয়।
অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্তিত হৈ খুঁটাৰ তনত জাল পাৰি মহিলাগৰাকীক নমাই অনাৰ চেষ্টা কৰে। কিন্তু সেই চেষ্টাও ব্যার্থ হয়। তাৰ পিছত মেজিয়া তাপবিদ্যুৎ কেন্দ্রত খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় ডিভিচিৰ দুৰ্যোগ প্ৰশমন দলৰ কর্মচাৰীসকল।
ঘটনাস্থলীত উপস্থিত হয় জিলা প্রশাসনৰ অসামৰিক সুৰক্ষা কর্মচাৰীসকলো। ইয়াৰ পিছত প্রায় ১০ ঘণ্টাৰ প্ৰচেষ্টাত শুক্রবাৰে পুৱতিনিশা নিৰাপদে মহিলাগৰাকীক বিদ্যুতৰ টাৱাৰৰ পৰা তেওঁক নমাই অনাটো সম্ভৱ হয়। মহিলাগৰাকীৰ পৰিচয় জানিব পৰা নাগ’লেও তেওঁ মানসিক ভাৰসাম্যহীন বুলি প্রাথমিক তদন্তত অনুমান কৰিছে আৰক্ষীয়ে।













