![]()
নিউজ ডেস্কঃ
পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য। বিগত চাৰিদিনত ইয়াকে লৈ তিনিবাৰ বৃদ্ধি পালে পেট্র’ল-ডিজেলৰ মূল্য। আজি পেট্র’লৰ মূল্য লিটাৰত ৮৪ পইচা আৰু ডিজেলৰ মূল্য লিটাৰত ৮০ পইচা বৃদ্ধি হৈছে।
উল্লেখ্য, এই চাৰিদিনত লিটাৰে প্ৰতি পেট্র’লৰ মূল্য বৃদ্ধি পালে ২ টকা ৫১ পইচা আৰু ডিজেলৰ মূল্য বৃদ্ধি পালে লিটাৰত ২ টকা ৪৩ পইচা। আনহাতে, সোমবাৰে ৰন্ধন গেছৰ মূল্যও ৫০ টকা বৃদ্ধি পাইছে। স্বাভাবিকভাবেই এই মূল্যবৃদ্ধিৰ ফলত চৰম সমস্যাত সাধাৰণ জনতা।
উল্লেখ্য, পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পিছতেই আশঙ্কা কৰা হৈছিল পেট্র’ল-ডিজেলৰ মূল্যবৃদ্ধি হ’ব। আৰু সেইমতেই নিৰ্বাচন শেষ হোৱাত ক্ৰমাৎ বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। লগতে দৈনন্দিন জীৱনত প্রয়োজনীয় সামগ্ৰীৰ মূল্যও বিগত এটা মাহত বৃদ্ধি পাইছে। ইন্ধনৰ মূল্য এনেদৰে বাঢ়ি থাকিলে উক্ত মূল্য আৰু বাঢ়িব পাৰে বুলি আশঙ্কা কৰা হৈছে।













