![]()
নিউজ ডেস্কঃ
সুদীর্ঘ দুই বছৰৰো অধিক সময়ৰ মূৰত ভাৰত ভ্ৰমণলৈ আহিল চীনৰ কোনো শীর্ষ স্তৰৰ নেতা। বৃহস্পতিবাৰে সন্ধ্যা নতুন দিল্লীত উপস্থিত হয় চীনৰ বিদেশমন্ত্রী ৱাং ই। অৱশ্যে কোনো বিদেশী ৰাষ্ট্রনেতাৰ ভ্ৰমণক কেন্দ্ৰ কৰি ইমান বিতর্ক সাম্প্রতিক সময়ত বিৰল।
উল্লেখ্য, চীনা বিদেশমন্ত্রীগৰাকীয়ে তেওঁৰ ভাৰত ভ্ৰমণৰ ঠিক আগে আগে পাকিস্তানত ওআইচি (অর্গেনাইজেচন অব ইছলামিক কো-অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰি কাশ্মীৰ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰে। উক্ত মন্তব্যক ‘অনাকাঙ্ক্ষিত’ বুলি বৃহস্পতিবাৰে নিশাই উল্লেখ কৰিছিল দিল্লীয়ে। সেই বিতর্কৰ প্ৰভাৱ আজিও আঁতৰা নাই। কাৰণ ওআইচিত গৃহীত প্রস্তাৱৰ আজি পোনপটীয়াকৈ গৰিহণা দি বিবৃতি দিছে ভাৰতে।
ওআইচি সন্মিলনত পাকিস্তানৰ কাষত থিয় দি চীনা বিদেশমন্ত্রীগৰাকীয়ে কৈছিল, “জম্মু-কাশ্মীৰক লৈ আজিও আমাৰ বহু ইছলামিক বন্ধুৰ বক্তব্য শুনিলো। ভাৰতৰ ওচৰত তেওঁলোকৰ দৰেই একেই পদক্ষেপ আশা কৰিছে চীনে।’’ অর্থাৎ ইছলামি গোষ্ঠীভুক্ত দেশবোৰৰ বিদেশমন্ত্রীসকলে যি মত প্রকাশ কৰিছিল, তাত ৱাঙে সমর্থন জনোৱা বুলি বক্তব্য কূটনৈতিক মহলৰ। ইয়াৰ পিছতেই তীব্ৰ প্রতিক্রিয়া প্ৰকাশ কৰে ভাৰতে। বিদেশ মন্ত্রালয়ৰ মুখপাত্র অৰিন্দম বাগচীয়ে কয়,
“চীনৰ বিদেশমন্ত্রী ৱাঙৰ বক্তব্য আমি নস্যাৎ কৰিছো। জম্মু-কাশ্মীৰৰ যিকোনো বিষয়েই সম্পূর্ণভাবে ভাৰতৰ সৈতে জড়িত। আৰু সেয়া আভ্যন্তৰীণ। তাকে লৈ কেৱল চীন নহয়, কোনো দেশকেই মতামত দিয়াৰ অধিকাৰ দিয়া হোৱা নাই। ভাৰতে যেনেদৰে কোনো দেশৰ আভ্যন্তৰীণ বিষয়ত মতামত ব্যক্ত নকৰে, তেনেদৰেই অন্যান্য দেশেও সেয়া নকৰাটোৱেই শ্ৰেয়।”













