![]()
নিউজ ডেস্কঃ
শনিবাৰৰ পৰা আইপিএল৷ তাৰ পূৰ্বে নিৰাপত্তাক লৈ আশঙ্কাৰ প্ৰসংগ উত্থাপন হৈছে। সূত্রৰ খবৰ মতে, মহাৰাষ্ট্রৰ সন্ত্রাসবিৰোধী স্কোৱাড (এটিএছ)-এ সোধাপোছা কৰি জানিব পাৰিছে, সন্ত্রাসবাদীয়ে ৱাখেড়ে ষ্টেডিয়াম, ট্রাইডেন্ট হোটেল আৰু ওচৰ-পাজৰৰ পথত দৃষ্টি দি গৈছে।
মুম্বাই আৰক্ষীক এই বছ আইপিএল চলি থকা সময়ত সন্ত্রাসবাদী আক্ৰমণৰ বিষয়ে সতর্ক কৰা হৈছে। কাইলৈৰ পৰা আৰম্ভ হ’বলগা আইপিএল অনুষ্ঠিত হ’ব চাৰিটা ষ্টেডিয়ামত।
তাৰ ভিতৰত ৱাংখেড়েত ২০খন মেচ অনুষ্ঠিত হোৱাৰ কথা। ইতিমধ্যে খেলুৱৈ আৰু ছাপোর্ট ষ্টাফৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ২৬ মার্চৰ পৰা ২২ মে’ পর্যন্ত মোতায়েন থাকিব কুইক ৰেছপন্স টিম, বম্ব স্কোৱাড, ষ্টেট ৰিজার্ভ পুলিচ ফ’ৰ্চ। এক অন্তৰ্ৱর্তী নির্দেশনা জাৰি কৰিছে আৰক্ষীয়ে। তাত ফ্ৰেঞ্চাইজিবোৰৰ লগতে আইপিএলৰ সৈতে জড়িত কর্মচাৰীসকলৰ নিৰাপত্তা সংক্রান্তীয় বহুতো নিয়ম, বাধা-নিষেধ মানি চলিবলৈ কোৱা হৈছে।
জানিব পৰা মতে, এখন এছকোৰ্ট-গাড়ী আইপিএল দলৰ বাছৰ আগে আগে যাব। দলটোৰ হোটেলৰ পৰা ষ্টেডিয়াম পর্যন্ত পথছোৱাত গাড়ী পার্ক কৰিব নোৱাৰিব। জৰুৰীকালীনভাৱে ওলোৱাৰ এটি পথ পৃথকে আছে ৰেৱল খেলুৱৈসকলৰ বাবে। বাছৰ চালক আৰু অন্যান্য কর্মচাৰীসকলৰ পুঙ্খানুপুংখ তালাচী হ’ব।
আইপিএল চলি থকা সময়ত কর্মচাৰী পৰিবর্তন কৰিব নোৱাৰিব। হোটেলৰ কর্মচাৰীসকলক পৰিচয়ৰ প্রমাণ-পত্ৰ অবিহনে প্ৰৱেশ কৰিব দিয়া নহ’ব। কোনো খেলুৱৈয়ে যদি অভ্যাগত আনিব বিচাৰে, তেন্তে আগতীয়াকৈ দলৰ মেনেজাৰৰ অনুমতি ল’ব লাগিব।













