![]()
ডিফুঃ
কাৰবি আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটী আৰক্ষীৰ এনকাউণ্টাৰত আহত ড্ৰাগছ সৰবৰাহকাৰী বিমল পাল ৷
প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া খটখটী আৰক্ষীয়ে নাকা তালাচী কালত বিমল পাল নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক চল্লিছটা চাবোনৰ বাকচত প্ৰায় আধাকেজি সন্দেহযুক্ত হেৰ’ইনৰ সৈতে আটক কৰিছিল ৷

আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি ড্ৰাগছ সৰবৰাহকাৰী বিমল পালে প্ৰাথমিক জেৰাত ড্ৰাগছখিনি বোকাজান থানা এলেকাৰ শুকানজানত এজনক দিয়া কথা আছে বুলি স্বীকাৰ কৰিছিল ৷
সেই মৰ্মে আৰক্ষীয়ে খটখটী অ’চি ৰাজু দুৱৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বিমলপালকলৈ শুকানজান এলেকাত গাড়ীৰে লৈ যাবলৈ ৰাওণা হয় ৷ উক্ত সময়তে বিমল পালে উপপৰিদৰ্শক নিতুল শইকীয়াক আক্ৰমণ কৰি বলপূৰ্বক গাড়ীৰ পৰা নামি পৰে ৷ উপপৰিদৰ্শক নিতুল শইকীয়াই সৰবৰাহকাৰী বিমল পালক ৰখাব খোজে যদিও বিমল পালে ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰি পলাবলৈ ধৰে ৷
আৰক্ষীয়ে বিমল পালক ৰখাবলৈ শুণ্যলৈ এজাঁই গুলী চালনা কৰে যদিও বিমল পাল ৰখি নোযোৱাত আৰক্ষীয়ে ভৰিলৈ লক্ষ্য কৰি গুলি কৰিবলৈ বাধ্য হয় ৷ আঘাত প্ৰাপ্ত বিমল পালক চিকিৎসাৰ বাবে তৎক্ষণাত বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ লগতে আঘাতপ্ৰাপ্ত উপপৰিদৰ্শক নিতুল শইকীয়াকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷













