![]()
নিউজ ডেস্কঃ
আইপিএলত প্রথম মেচ খেলাৰ দুদিন পূৰ্বে অধিনায়কত্ব এৰিলে মহেন্দ্র সিং ধোনিয়ে। নতুন অধিনায়কৰ দায়িত্ব দিয়া হ’ল ৰবীন্দ্র জাদেজাক। বৃহস্পতিবাৰে এক বিবৃতিত চিএছকেই এই কথা জনাইছে।
উল্লেখ্য, ২০০৮ চনত আৰম্ভ হোৱা আইপিএলত প্রথম বছৰৰ পৰাই চেন্নাইৰ অধিনায়ক হিচাবে আছিল ধোনি। মাজতে মেচ ফিক্সিঙৰ বাবে চেন্নাই দলটো দুবছৰৰ বাবে নিলম্বন হৈ আছিল। তেতিয়া পুণে ছুপাৰ জায়েণ্টৰ হৈ খেলিছিল ধোনিয়ে। চেন্নাই আইপিএললৈ উভতাৰ পিছত পুনৰ অধিনায়কৰ দায়িত্ব দিয়া হয় ধোনিক। আনহাতে, ২০১২ চনৰ পৰা চেন্নাইত আছে জাদেজা।













