ষ্টাফ ৰিপ’ৰ্টাৰঃ
গুৱাহাটী মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা। পানী টেংকাৰৰ দৌৰাতম্যত পুৱাই নিহত এজন। টেংকাৰৰ খুন্দাত মৃত্যু হোৱা লোকজন এপ’ল হাস্পতালৰ কৰ্মচাৰী আছিল। টেংকাৰ খুন্দাত নিহত লোকজন দ্বিজেন বৈশ্য। চিটি চেণ্টাৰলৈ পানী কঢ়িয়াই নিছিল দুৰ্ঘটনা সংঘটিত টেংকাৰ বাহনখনে। জু-ৰোডৰ চিটি চেণ্টাৰ সন্মুখতেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। পানী ভৰ্তি টেংকাৰ বাহনখন লোকজনৰ গাৰ ওপৰেৰে উঠি যায়। থিতাতে নিহত হয় লোকজন।
উল্লেখ্য টেংকাৰখনৰ চালক গৰাকী সুৰামত্ত অৱস্থাত আছিল। টেংকাৰখনৰ চালকগৰাকী মুকবিৰ তামাং। প্ৰত্যক্ষদৰ্শীয়ে উত্তম-মধ্যম সোধাই সুৰামত্ত চালকগৰাকীক। টেংকাৰখনৰ নম্বৰ এএছ ০১এম-১২৫১।
তাপৰ্যপূৰ্ণ কথা যে নিহত দ্বিজেন বৈশ্য ঘৰ নলবাৰী জাগ্ৰত।