![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু :কাৰবি আংলং জিলাৰ খটখটীত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ বিলাতি সুৰা ৷ এক গোপন খবৰৰ ভিত্তিত অসম আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযানত আলুভৰ্তি ট্ৰাকৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী বিলাতী সুৰা।
সোমবাৰে সন্ধিয়া বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাস নেতৃত্বত খটখটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰা আৰু বোকাজান আৱকাৰী বিভাগৰ যুটীয়া অভিযানত এটা পাৰ্কিংৰ পৰা এখন NL-01N -9178 নম্বৰৰ আলুভৰ্তি ট্ৰাকত ১৭৩ বেগ আলুৰ তলত ৮৩৪ কাৰ্টুন অৰুণাচলী বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
বোকাজান আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে সুৰাভৰ্তি ট্ৰাকসহ গ্ৰেপ্তাৰ কৰে ট্ৰাকখনৰ চালকজনক।
জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য বহু লক্ষাধিক টকাৰ হব বুলি জানিবলৈ দিয়ে বোকাজান আৱকাৰী বিভাগে।
উক্ত অবৈধ সুৰা সমূহ কৰ পৰা কলৈ নিয়াৰ পৰিকল্পনা চলাইছিল বৰ্তমান আৰক্ষীয়ে চালক জনক জেৰা অব্যাহত ৰাখিছে।













