![]()
ছাইদুল ইছলাম:
ডিফু : ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিজাববীয়া নীতি প্ৰস্তুত অবিহনে সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অবৈধ বুলি আজি সন্ধিয়া ডিফু ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ২৪ প্লাছ সংগঠনৰ মুখপাত্ৰ লিটছন ৰংফাৰে ৷
আজিৰ সংবাদমেলত মুখপাত্ৰ গৰাকীয়ে কয় যে, ২৪ প্লাছ সংগঠনৰ ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদক পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্বে পৰিষদৰ নিজাববীয়া নীতি প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছল যদিও কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ কৰ্তৃপক্ষই সেই নিৰ্দেশ আজিকোপতি কাৰ্যকৰীকৰণ নকৰিলে সেয়ে পৰিষদৰ এনে কাৰ্যক ধিক্কাৰ জনাইছে ২৪ প্লাছ সংগঠনে ৷
লিটছন ৰংফাৰে ইয়াকো কয় যে কাৰবি আংলঙৰ ৰাইজে বহু আশা কৰি পৰিষদ, দিছপুৰ আৰু কেন্দ্ৰত বিজেপি প্ৰাৰ্থীক নিৰ্বাচিত কৰি পঠিয়াইছে যদিও নিৰ্বাচিত জনপ্ৰতিনিধিসকলে ৰাইজৰ দীৰ্ঘদিনীয়া সংগ্ৰাম দাবীৰ প্ৰতি পিঠি দি কেৱল নিজৰ লাভালাভত ব্যস্ত হৈ পৰিছে৷
সেয়ে তেনে প্ৰতিনিধি নিজৰ পদ খামুছি ধৰি নাৰাখি আনক সুবিধা দিয়ক ৷ বিজেপি চৰকাৰে কাৰবি আংলঙৰ মূল দাবীক দমাই ৰাখি ৰাজনীতি স্বাৰ্থ পূৰণ কৰিছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে ৷












