ষ্টাফ ৰিপ’ৰ্টাৰঃ
গুৱাহাটী মহানগৰী পল্টনবজাৰ আৰক্ষীৰ দলবদ্ধ আক্ৰমণৰ সন্মুখীন হোৱা বিকি প্ৰসাদ গুপ্তাৰ জামিন মঞ্জুৰ। কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে মঞ্জুৰ কৰে জামিন।পল্টনবজাৰ আৰক্ষী থানা ১৫১/২২নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধি ২৯৪/৩২৫/৩৫৩/৩৪১ ধাৰাত কাৰাবন্দী হৈ আছিল গুপ্তাৰ।পল্টনবজাৰ থানা ভাৰপ্ৰাপ্ত বিষয়া আৰু আই অয়ে গুপ্তা ঘটনাৰে জড়িত নহয় বুলি আদালতত কয় আৰক্ষীয়ে নিজৰ দোষ স্বীকাৰ কৰে আদালতত।এই কথা সংবাদ মাধ্যমক অৱগত কৰে বিকি গুপ্তা পক্ষৰ অধিবক্তাই।
ইফালে বিকি গুপ্তাক পত্নী আৰু কণমানি কন্যা সন্তানৰ সন্মুখত প্ৰহাৰ কৰা ঘটনাত জড়িত ৫জনকৈ আৰক্ষীক চমন জাৰি কৰা বুলিও আদালতক জনাই পল্টনবজাৰ আৰক্ষী বিষয়াই।
উল্লেখ্য যোৱা বৃহস্পতিবাৰে গুৱাহাটী পল্টনবজাৰত পত্নী-কন্যা সন্মুখতে বিকি প্ৰসাদ গুপ্তাক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল।মটৰ চাইকেল আৰোহি বিকি প্ৰসাদ গুপ্তাক পল্টনবজাৰ যান-বাহন শাখা আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদে প্ৰহাৰ কৰে।প্ৰত্যুত্তৰত আৰক্ষী সৈতে কাজিয়া সূত্ৰপাত হয়।ওচৰতে থকা অন্য বহুকেইজন আৰক্ষীয়ে বিকি প্ৰসাদ গুপ্তাক প্ৰহাৰ কৰে।আৰক্ষী সৈতে মাৰপিটত লিপ্ত হোৱা অভিযোগত গুপ্তাক জেললৈ প্ৰেৰণ কৰা হৈছিল।
আনহাতে সামাজিক মাধ্যমত ভিডি’অ ভাইৰেল হোৱাৰ পাচতেই গুপ্তাক প্ৰহাৰ কৰা অসম আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক নিলম্বনৰ লগতে পল্টনবজাৰ থানা যানবাহন শাখা আইচি উপ-পৰিদৰ্শক প্ৰণৱ কুমাৰ ডেকাক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল।
তাপৰ্যপূৰ্ণ কথা এই যে বিকি গুপ্তা পত্নীয়েও ইতিমধ্যে আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত ১৫২/২২নম্বৰত গোচৰ ৰুজু কৰিছে। কিন্তু বৰ্তমানলৈ আৰক্ষী কনিষ্টবলগৰাকীক কিয় গ্ৰেপ্তাৰ কৰা নাই বুলিও তেওঁ কয়। বিকি গুপ্তা জামিন মঞ্জুৰ পিচতেই তেওঁ দাবী- আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰিব লাগে।