ASSAM TIMES POST
গুৱাহাটীঃ ২০২০-২২ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নিৰ্বাচনৰ মনোনয়ন প্ৰ-পত্ৰ জমা দিয়া প্ৰক্ৰিয়া বৃহস্পতিবাৰৰপৰা আৰম্ভ হৈছে। অসম সাহিত্য সভাৰ এটা সূত্ৰই জনোৱা অনুসৰি ৩ অক্টোবৰৰ পুৱা ১১ বজাৰপৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৪ অক্টোবৰৰ দিনৰ ২ বজাৰ লগে-লগে মনোনয়ন প্ৰ-পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰিব। প্ৰাৰ্থীসকলে এই সময়ছোৱাত গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ প্ৰশাসনীয় কাৰ্যালয়লৈ আহি নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন প্ৰ-পত্ৰসমূহ দাখিল কৰিব বুলি সূত্ৰটোৱে জনাইছে।













