![]()
নিউজ ডেস্কঃ
তেতিয়া বয়স মাত্র সাত বছৰ। শ্ৰেণীকোঠাত সহপাঠীসকলৰ সন্মুখতে শিশুটিক শাসন কৰিছিল শিক্ষয়িত্ৰীয়ে। কিন্তু ছাত্রগৰাকীৰ দাবী আছিল, সিদিনা তেওঁ নিৰ্দোষী আছিল। মিছাতে তেওঁক শাস্তি দিছিল শিক্ষয়িত্ৰীগৰাকীয়ে। এনেদৰেই পাৰ হৈ যায় কেটে ৩০ বছৰৰো অধিক।
কিন্তু অপমানৰ ‘জ্বালা’ পাহৰা নাছিল গুন্টাৰ উভেন্টছে। এদিন প্রাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত সোমাই তেওঁক ১০১ বাৰ ছুৰিকাঘাত কৰে তেওঁ। ফলত মৃত্যু হয় তেওঁৰ। দুবছৰ পিছত যোৱা বৃহস্পতিবাৰে আদালতত নিজৰ দোষ স্বীকাৰ কৰে গুন্টাৰে। তেওঁৰ স্বীকাৰোক্তিত একপ্ৰকাৰ হতবাক অধিবক্তাসকলো।
তদন্তকাৰীক গুন্টাৰে জনায়, সেইদিনা শ্ৰেণীকোঠাত বিনা কাৰণত তেওঁক অপমান কৰিছিলেন শিক্ষয়িত্ৰী মাৰিয়া ভেৰিলেণ্ডেনে। তেতিয়া তেওঁৰ বয়স আছিল মাত্র সাত বছৰ। তাৰ পিছত ৩০ বছৰ পাৰ হৈ গ’লেও অপমানৰ প্ৰতিশোধৰ জুই জ্বলি আছিল। প্ৰতিশোধ ল’বই লাগিব। সেই উদ্দেশ্যেই ২০২০ চনত এন্টৱার্পৰ শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয় তেওঁ। তাৰ পিছত ৫৯ বছৰীয়া শিক্ষয়িত্ৰীগৰাকীক ছুৰিৰে আঘাত কৰি শৰীৰ ক্ষত-বিক্ষত কৰে।













