![]()
নিউজ ডেস্কঃ
উভতিছিল ৰাজস্থানৰ পৰা। জয়পুৰ বিমানবন্দৰত হাতৰ বেগটো এক্সৰে স্ক্যানাৰত সোমোৱাৰ পিছতে থমকি ৰয় দায়িত্বত থকা নিৰাপত্তাৰক্ষী। খুলিবলৈ কয় বেগটো।
বেগটোৰ গৰাকী হ’ল এজন আইপিএছ বিষয়া। ওড়িশাৰ পৰিবহণ আয়ুক্ত অৰুণ বোথৰা। স্বাভাবিক কাৰণতেই সকলোৰে উৎসুকতাৰ চকু বেগটোৰ দিশে। কাৰোবাৰ আকৌ সন্দেহৰ দৃষ্টি। কিন্তু নিয়মতো নিয়মই, গতিকে খুলি দেখুৱাবলগা হ’ল বেগটো। খোলা বেগটোৰ ছবিই তেওঁ শ্বেয়াৰ কৰিছে টুইটাৰত।
কিন্তু কি আছিল বেগটোত?
তাত আছিল ১০ কেজি মটৰ মাহ। তেওঁ জয়পুৰৰ পৰা কিনি আনিছিল। তেওঁ হেনো মটৰ মাহখিনি কিনি আনিছিল ৪০ টকা কেজি দৰত। তাকে জানি এতিয়া হাঁহিৰ খোৰাক পাইছে নেটিজেনসকলে।













