![]()
নিউজ ডেস্কঃ
মস্কোৰ হাত শক্তিশালী কৰিবলৈ চলিত যুদ্ধত যোগ দিলে চেচেন প্রজাতন্ত্রই। ইতিমধ্যে এক হাজাৰ সেনাই ইউক্রেইনত ক্রেমলিনৰ হৈ সামৰিক সঙ্ঘাতত যোগ দিবলৈ গৈছে। বৃহস্পতিবাৰে এই কথা জনাইছে চেচেন নেতা ৰমজান কাদিৰভে। চেচেন প্রজাতন্ত্র হৈছে ৰাছিয়াৰেই এটি অংশ।
কাদিৰভে বৃহস্পতিবাৰে জনায়, ‘‘চেচেন প্রজাতন্ত্রৰ এক হাজাৰ স্বেচ্ছাসেৱকে ইউক্রেনইক নাজিবাদী আৰু সেনাবাদী চিন্তা-ভাবনাৰ পৰা মুক্ত কৰিবলৈ বিশেষ অভিযান আৰম্ভ কৰিছে।’’ আপটি আলাউদিনভ নামৰ তেওঁৰ বিশ্বস্ত অনুচৰে এই অভিযানৰ নেতৃত্ব দিয়া বুলিও কাদিৰভে জনায়। ইয়াৰ পূৰ্বে বহুবাৰ কাদিৰভ বাহিনীৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উঠিছে।
শুক্রবাৰে ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আগ্রাসনে ২৩ দিনত ভৰি দিলে। মস্কোৰ আক্ৰমণত বিপর্যস্ত ইউক্রেইনৰ ১০খন চহৰ ইতিমধ্যেই দখল কৰিছে ৰুছ সেনাই। তথাপিও ইউক্রেইনৰ আত্মবিশ্বাসী ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে নিজৰ জয় সন্দৰ্ভত নিশ্চিত বুলি দাবী কৰিছে। সামৰিক সঙ্ঘাতত গতিৰোধক লগাবলৈ দুয়োপক্ষই আলোচনাত বহিলেও সেই আলোচনা ফলপ্রসূ হোৱা নাই।
ইয়াৰ মাজতে ইউক্রেইন সেনাৰ হাতত আটক নজন ৰুছ সেনাক কিভে ৰাছিয়াৰ হাতত গতাই দিছে। পৰিবর্তে মেলিটোপোল চহৰৰ মেয়ৰক ঘূৰাই অনা হৈছে বুলিও ইউক্রেইনৰ স্থানীয় এক সংবাদ সংস্থাক জনাইছে কিভৰ এজন প্রশাসনিক কর্মকর্তাই। বিগত সপ্তাহত ৰুছ সেনাৰ হাতত বন্দী হৈছিল মেলিটোপোল চহৰৰ মেয়ৰ ইভান ফেডোৰোভ। তেওঁক ঘূৰাই পাবলৈয়েই এই ব্যৱস্থা লয় ইউক্রেইনে।













