ASSAM TIMES POST
সোণাৰিঃ মাজত মাথোঁ কেইটামান দিন বাকী সোণাৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে। এই নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধি প্ৰচাৰ অভিযানত দুই প্ৰতিদ্বন্দ্বী দল কংগ্ৰেছ আৰু বিজেপি সমৰত নামি পৰিছে। মন কৰিব লগা যে সোণাৰি সমষ্টিৰ নিৰ্বাচনত মালিক আৰু শ্ৰমিকৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব বুলি বহু ভোটাৰৰ মাজত আলোচনা হৈছে৷
উল্লেখযোগ্য যে এই দুয়োটা দলৰ প্ৰাৰ্থী ক্ৰমে সুশীল চূড়ী আৰু নৱনীতা সন্দিকৈয়ে মনোনয়ন পত্ৰৰ লগত শপতনামা দাখিল কৰে। মন কৰিবলগীয়া যে দুয়োগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰাৰ লগে লগে সমষ্টিটোত দুয়োগৰাকী প্ৰাৰ্থীৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে জনসাধাৰণৰ মাজত৷ প্ৰাৰ্থী দুগৰাকীৰ ভিতৰত চৰাইদেউ জিলাৰ সাপেখাতিৰ এক নং কঠিয়াখুন্দাৰ নিবাসী তথা ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শপতনামা অনুসৰি মুঠ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২৭,৮৪,৬০৬ টকা আৰু স্বামীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৪,৩৩,৮৫৩ টকা বুলি উল্লেখ কৰিছি৷

আনহাতে মুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৬০,০০০ টকা হোৱাৰ বিপৰীতে স্বামীৰ মুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৮১ লাখ টকা বুলি শপতনামাত উল্লেখ কৰিছে। শপতনামাত উল্লেখ কৰা মতে প্ৰাৰ্থীগৰাকীৰ মুঠ হাতে জমা তিনি লাখ টকা থকাৰ বিপৰীতে স্বামীৰ হাতত থকা নগদ ধনৰ পৰিমান চাৰি লাখ টকা। আনহাতে প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ নামত গুৱাহাটীৰ এইচডিএফচি বেংকৰ ভঙাগঢ় শাখাত ৫,৩৪,৬০৬.৬৬ টকা জমা আছে৷ ইয়াা বিপৰীতে তেওঁৰ স্বামীৰ নামত ইউকো বেংকৰ সোণাৰি শাখাত ৫৫২০ টকা আৰু এইচডিএফচি বেংকৰ গুৱাহাটী ভঙাগঢ় শাখাত ২৮,৩৩৩.৬৫ টকা জমা আছে। প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ নামত ৭.৫ লাখ টকাৰ এখন ট্ৰেভেলাৰ গাড়ী আছে বুলি শপতনামত উল্লেখ কৰিছে। আনহাতে প্ৰাৰ্থীগৰাকীৰ ১৭,৫০,০০০ টকাৰ গহণা আছে বুলি শপতনামাত উল্লেখ কৰিছে। তদুপৰি বিজেপিৰ প্ৰাৰ্থীৰ নিজৰ নামত জিলাখনৰ সাপেখাতি মৌজাৰ অন্তৰ্গত দুই নং হাওঁফাওঁ গাঁৱত এটুকুৰা মাটি আছে৷
আনহাতে তেওঁৰ স্বামীৰ নামত সাপেখাটিৰ চাৰি স্থানত মাটি থকাৰ কথা উল্লেখ শপতনামাত কৰিছে। উল্লেখযোগ্য যে বিজেপিৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক (ক’লা শখা) উত্তীৰ্ণ। প্ৰাৰ্থী গৰাকীয়ে ১৯৯১ চনত নামৰূপৰ এইচ এফ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা নন ইনষ্টিটিউচনেল প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা বুলি শপত নামাত উল্লেখ কৰিছে। ইপিনে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী হ’ল সোণাৰি সমষ্টিৰ জিলাৰ চফ্ৰাই ৰঙাপথাৰ গাঁৱৰ স্থায়ী বাসিন্দা৷ কংগ্ৰেছ প্ৰাৰ্থী সুশীল চূড়ীয়ে শপতনামাত ঘোষণা কৰা অনুসৰি তেওঁৰ হাতত নগদ ধন ১ লাখ ৫ হাজাৰ টকা জমা আছে৷
ইয়াৰ লগতে তেওঁৰ পত্নীৰ হাতত নগদ ২০ হাজাৰ টকা জমা আছে। কংগ্ৰেছ প্ৰাৰ্থী সুশীল চূড়ীৰ নামত ভাৰতীয় ষ্টেট বেংকৰ সোণাৰি শাখাত ৬,৫৭,০৯৯ টকা আৰু আইডিবিআই সোণাৰি শাখাত ৭২১১৫.৪০ টকা জমা আছে৷ আনহাতে পত্নীৰ নামত এছবিআই সোণাৰি শাখাত ৩২,৯১৬ টকা আৰু আইডিবিআই সোণাৰি শাখাত ২১৩৩.১০ টকা জমা আছে। সুশীল চূড়ীয়ে শপতনামাত উল্লেখ কৰা অনুসৰি তেওঁৰ নামত ৬,২৯,১৯৮ টকাৰ এখন বলেৰ’ এছ এলত এক্ট গাড়ী থকাৰ লগতে নিজৰ ৪০ হাজাৰ টকাৰ আৰু পত্নীৰ ২,৪০,০০০ টকা মূল্যৰ সোণৰ অলংকাৰ থকাৰ কথা শপতনামাত উল্লেখ কৰিছে।
শপতনামাত উল্লেখ কৰা অনুসৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ নিজৰ নামত তিনি ঠাইত আৰু পত্নীৰ নামত দুঠাইত মাটি থকাৰ কথা ঘোষণা কৰিছে। আনহাতে প্ৰাৰ্থীগৰাকীৰ নিজৰ লগতে পত্নীৰ নামত ক্ষুদ্ৰ চাহ বাগিচা থকা বুলি শপতনামাত উল্লেখ কৰিছে। ইপিনে কংগ্ৰেছৰ প্ৰাৰ্থী সুশীল চূড়ী বুৰঞ্জী বিষয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এমফিল ডিগ্ৰীধাৰী বুলি ঘোষণা কৰিছে। ইপিনে এসময়ৰ সোণাৰি সমষ্টিৰ বিধায়ক তথা চাহ উদ্যোগপতি জানকী নাথ সন্দিকৈৰ বোৱাৰীয়েক হিচাপে বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈক একাংশ লোকৰ মাজত মালিক বুলি পৰিচিত হৈছে৷ আনহাতে চাহ শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা সূত্ৰে কংগ্ৰেছ প্ৰাৰ্থী সুশীল চূড়ীক শ্ৰমিক হিচাপে জনসাধাৰণে মত প্ৰকাশ কৰিছে।













