![]()
ডিফুঃ
ড্ৰাগছ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱাৰ পিছতো কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ মাফিয়া সকলে অব্যাহত ৰাখিছে বৰবিহ সদৃশ ড্ৰাগছৰ সৰবৰাহ ৷
আজি পুৱা ১০-৩০ মান বজাত এক গোপন সূত্ৰৰ ভিত্তিত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুৎফুৰ ৰহমানৰ নেতৃত্বত উপপৰিদৰ্শক প্ৰফুল্ল পেগু আৰু সংগীয় ষ্টাফ সহ পুৱা ১১ বজাত ডিলাই তিনি আলিত এক নাকা তালাচী বহায় ৷
সেই সময়ত ডিমাপুৰৰ পৰা বোকাজানহৈ আহি থকা এ এছ, 01 এন চি 1849 পঞ্জীয়ন নম্বৰৰ এখন লাইন বাছত তালাচী চলায় ৷ তালাচী কালত অভিযানকাৰী দলটোৱে বাছখনত আহি থকা এজন যাত্ৰীৰ শৰীৰত তালাচী চলাই ১২’০২ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ্ভত ড্ৰাগছ সৰবৰাহকাৰী যাত্ৰী ৰূপী নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত নুৰ হাইৰ পুত্ৰ ছফিকুল ইছলাম (৩০)বছৰক আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰইনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিত জব্দ কৰা হয় ৷













