![]()
নিউজ ডেস্কঃ
একেৰাহে ২২ দিনৰ যুদ্ধত ইউক্রেইন বাহিনীৰ প্রত্যাঘাতত নিহত হৈছে প্রায় ৭,০০০ ৰুছ সেনা। গুৰুতৰভাৱে আহতৰ সংখ্যা প্রায় ১৪ হাজাৰ। আমেৰিকাৰ চোৰাংচোৱা সূত্র উদ্ধৃত কৰি বৃহস্পতিবাৰে এই কথা জনাইছে দেশখনৰ সংবাদ-পত্র নিউয়র্ক টাইমছে।
প্রকাশিত প্রতিবেদনত কোৱা হৈছে, ৰাজধানী কিভসহ প্রতিখন গুৰুত্বপূর্ণ চহৰ ৰক্ষা কৰাৰ বাবে সংখ্যা আৰু সমৰ-সম্ভাৰত বৃহত্তম প্রতিপক্ষ ৰাছিয়াৰ বিৰুদ্ধে মৰণপণ প্রতিৰোধ গঢ়ি তুলিছে ভলোদিমিৰ জেলেনস্কিৰ বাহিনীয়ে।
উল্লেখ্য, যোৱা ২ মার্চত ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে দাবী কৰিছিল, তেওঁৰ ফৌজে ছয়দিনৰ যুদ্ধত ৬,০০০ ৰুছ সেনাক নিহত কৰিছে। কিন্তু আমেৰিকাসহ পশ্চিমীয়া দেশবোৰৰ পৰা উক্ত দাবীৰ সমর্থনত কোনো বক্তব্য অহা নাছিল।
কিভক তিনিফালৰ পৰা ঘেৰি ধৰি প্ৰৱেশৰ চেষ্টা কৰিছে ৰুছ সেনাই। কিন্তু ঠায়ে ঠায়ে যেনেদৰে ইউক্রেইনীয় সেনা আৰু সাধাৰণ নাগৰিকৰ যুটীয়া বাহিনীয়ে নিৰাপত্তাৰ বলয় সৃষ্টি কৰিছে তাৰ ফলত ৰাজধানী চহৰখনৰ ভিতৰত প্ৰৱেশ কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগা হৈছে ৰুছ সেনাসকলে।
ইয়াৰ মাজতেই বুধবাৰে হেগস্থিত আন্তর্জাতিক আদালতে অবিলম্বে ইউক্রেইনত সেনা অভিযান বন্ধৰ নির্দেশ দিছে মস্কোক। বিগত ২৪ ফেব্ৰুৱাৰীত ইউক্রেইনত সেনা অভিযান আৰম্ভৰ ২১ দিন পিছত বুধবাৰে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক প্রকাশ্যে ‘যুদ্ধ অপৰাধী’ বুলিছে আমৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে।













