![]()
নিউজ ডেস্কঃ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা সহ সাধাৰণ সম্পাদকক বহিষ্কাৰ।ৰেগিং তথা মাৰ-পিটৰ গুৰুত্বৰ অভিযোগত বহিষ্কাৰ কৰা হৈছে ছাত্ৰ একতা সভা সহ সাধাৰণ সম্পাদক গৰাকীক।
আছু সমৰ্থিত সহ সাধাৰণ সম্পাদক গৰাকী ঋতুপৰ্ণ দাস।বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননী জৰিয়তে ছাত্ৰ একতা সভা সহ সাধাৰণ সম্পাদক গৰাকীক বহিষ্কাৰ কৰিছে।
দুটা বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে ছাত্ৰ গৰাকীক।বিশ্ববিদ্যালয় মেকানিকেল ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ আছিল ঋতুপৰ্ণ।উল্লেখ্য যে চলিত বৰ্ষত ছাত্ৰ একতা সভা নিৰ্বাচনত জয়ী হৈছিল সহ সাধাৰণ সম্পাদক হিচাপে।













