![]()
ডিফুঃ
অসম-নাগালেণ্ড ৰাজ্যৰ সীমান্তৱৰ্তী এলেকা কাৰবি আংলঙ জিলাৰ খটখটীত এখন যাত্ৰীবাহী বাছৰ পৰা এটা পিষ্টল উদ্ধাৰ হোৱা ঘটনাই এলেকাটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি খটখটী আৰক্ষীয়ে সপ্তম অসম ৰাইফল আৰু ডিমাপুৰৰ পঞ্চম অসম ৰাইফলৰ সহযোগত খটখটী থানা এলেকাৰ খটখটী এছবিআই বেংকৰ ওচৰত এক যুটীয়া নাকা তালাচী অভিযান চলায় ৷

অভিযান কালত এন এল 07 বি 0385 পঞ্জীয়ন নম্বৰৰ এখন যাত্ৰীবাহী বাছত তালাচী চলাই এটা কাঠৰ আপেলৰ বাকচৰ ভিতৰত থকা এটা ক’লা বেগৰ পৰা এটা ফেক্টৰী নিৰ্মিত ’32 পিষ্টল, দুটা মেগজিন দুইজোৰা ৱাকি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ যাত্ৰীবাহী বাছখনৰ গন্তব্য স্থান আছিল নাগালেণ্ড ৰাজ্যৰ মন জিলা ৷ পিষ্টলটো উদ্ধাৰৰ সময়ত বাছখনত পিষ্টলটোৰ গৰাকী নাছিল বুলি জানিব পৰা গৈছে ৷













