![]()
নিউজ ডেস্কঃ
মধ্যপ্রদেশৰ বিজেপি চৰকাৰে ঘোষণা কৰিছিল যে ৰাজ্যখনৰ আৰক্ষীসকলক ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখন চোৱাৰ বাবে চৰকাৰে বিশেষ ছুটি মঞ্জুৰ কৰিব।
এইবাৰ তাতোকৈ এখোজ আগুৱাই গৈ অসমৰ চৰকাৰী কর্মচাৰীসকলক ‘দ্য কাশ্মীৰ ফাইলছ’ চাবলৈ অর্ধছুটি দিয়াৰ কথা ক’লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।
১৯৯০ চনত কাশ্মীৰ উপত্যকাত কাশ্মীৰী পণ্ডিতসকলৰ নির্বিচাৰ হত্যা আৰু গণ বিতাড়নক কেন্দ্র কৰি ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখন নিৰ্মাণ কৰিছে পৰিচালক বিবেক অগ্নিহোত্রীয়ে।
ছবিখনৰ প্রশংসাত পঞ্চমুখ প্রধানমন্ত্রী নৰেন্দ্র মোদী। বিজেপিশাসিত ৰাজ্যবোৰত ছবিখনৰ কৰ ৰেহাই ঘোষণা কৰা হৈছে। মধ্যপ্রদেশৰ গৃহমন্ত্রী নৰোত্তম মিশ্রই ৰাজ্যখনৰ আৰক্ষী বিষয়াসকলক নির্দেশ দিছে, আৰক্ষীসকলে যদি ছবিখন চাব বিচাৰে তেন্তে বিশেষ ছুটি মঞ্জুৰ কৰিবলৈ। এইবাৰ বিজেপিশাসিত অসমত চৰকাৰী কর্মচাৰীসকলৰ বাবে অর্ধছুটি ঘোষণা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্বই।
অসমৰ চৰকাৰী কর্মচাৰীসকলে ছবিখন চাব বিচাৰিলে কেৱল ঊর্ধ্বতন কর্তৃপক্ষক জনালেই হ’ব। পিছদিনা জমা দিব লাগিব ছবিৰ টিকটৰ অংশ। সেয়া কৰিলেহে বিশেষ ছুটি পাব। মঙ্গলবাৰে সতীৰ্থ মন্ত্ৰীসকলৰ সৈতে ছবিখন উপভোগ কৰে মুখ্যমন্ত্ৰীয়ে। তাৰ পিছত তেওঁ টুইট কৰি ছবিখনৰ ভূয়সী প্রশংসা কৰে। ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়েও হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই টুইট কৰে।













