![]()
নিউজ ডেস্কঃ
কিভৰ ওপৰত মস্কোৰ আগ্রাসনৰ গৰিহণা দি সর্বসন্মতিক্ৰমে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক যুদ্ধাপৰাধী হিচাবে ঘোষণা কৰিলে আমেৰিকাৰ ছিনেটে।
ৰিপাব্লিকান ছিনেটৰ লিণ্ডছে গ্রাহামে বিষয়টোৰ প্রস্তাৱ দাখিল কৰাত দলৰ দুই ছিনেটৰে তেওঁক সমর্থন জনায়। সিদ্ধান্ত লোৱা হৈছে, আর্ন্তজাতিক অপৰাধ আদালত আৰু বাকী দেশবোৰে সঙ্ঘাতৰ সময়ত সংঘটিত অপৰাধবোৰত ৰুছ সেনাবাহিনীৰ ভূমিকা সন্দৰ্ভত উপযুক্ত তদন্ত চলাব।
এই প্রসঙ্গত ডেমোক্ৰেট ছিনেটৰ চাক স্কামাৰে কয়, ‘‘ইউক্রেইনৰ ওপৰত ৰুছ নৃশংসতাৰ দায়িত্ব পুটিনে এৰাব নোৱাৰিব। আৰু সেয়া নিশ্চিত কৰিবলৈয়েই আমি ডেমোক্ৰেট-ৰিপাব্লিকান দল নির্বিশেষে এই সভাত উপস্থিত হৈছো।’’













