![]()
নিউজ ডেস্কঃ
দেশত মদ্যপান কমোৱাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। আৰু তাৰ বাবে সঠিক নীতি নির্ধাৰণৰ প্রয়োজন আছে বুলি ভাবে নাগপুৰৰ বিজেপি সাংসদ বিকাশ মাহাত্মেই। বুধবাৰে ৰাজ্যসভাত শূন্যকালীন ঘণ্টাত এই বিষয়টি উত্থাপন কৰে তেওঁ।
মাহত্মেই জনায়, দেশত মদ্যপান কমোৱাৰ বাবে ৰাষ্ট্ৰীয় নীতিৰ প্রয়োজন আছে। বিহাৰ, মিজোৰাম, গুজৰাট, নাগালেণ্ড—এই চাৰি ৰাজ্যত এই পর্যন্ত মদ সম্পূৰ্ণভাৱে নিষিদ্ধ।
কেন্দ্ৰীয়শাসিত অঞ্চল লাক্ষাদ্বীপতো মদ বিক্ৰী আৰু মদ্যপানৰ ওপৰত নিষেধাজ্ঞা আছে।
কিন্তু মদ্যপান কমোৱাৰ সন্দৰ্ভত যাতে সমগ্ৰ দেশৰ বাবেই এটি নীতি নির্ধাৰণ কৰা হয় বুধবাৰে সেই আবেদন জনায় নাগপুৰৰ বিজেপি সাংসদে। ইয়াৰ পূৰ্বে ২০২০ৰ ফেব্রুৱাৰীতো শূন্য ঘণ্টাত তেওঁ কোভিডক লৈ আগতীয়া সতর্কতা লোৱাৰ পৰামর্শ দিছিল।













