![]()
নিউজ ডেস্কঃ
গুৱাহাটী গাড়ীগাঁও দলবদ্ধ ধর্ষণৰ মূল অভিযুক্ত বিকি আলি ৪টাকৈ স্থানত আঘাতৰ চিন আছিল।গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতাললৈ অনা সময়ত অভিযুক্ত গৰাকী জীৱিত নাছিল।
চিকিৎসালয় পোৱাৰ পূৰ্বে মৃত্যু হৈছিল।এই মন্তৱ্য জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মা।বুকুৰ সো-ফালে এটা আঘাত আৰু পিঠিফালে তিনিটাকৈ আঘাট(ফুটা) থকা বুলি অধীক্ষক শৰ্মাই জানিবলৈ দিয়ে।ইফালে বৰ্তমান মৰুণোত্তৰ পৰীক্ষা বাবে জিএমচিএইচৰ মৰ্গত ৰখা হৈছে বিকি মৃতদেহ।
গুৰুত্বপূৰ্ণ কথা পানবজাৰ মহিলা থানা ১৯/২২ গোচৰ ভিত্তিত মঙলবাৰে গ্ৰেপ্তাৰ কৰিছিল ধর্ষণত অভিযুক্ত বিকিক।নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাত গুলিবিদ্ধ হৈ মৃত্যু হোৱা বুলি বিশেষ সূত্ৰ পৰা খবৰ লাভ কৰা হৈছে।আনহাতে আৰক্ষীয়ে বৰ্তমানলৈ কোনো মন্তৱ্য প্রকাশ কৰা নাই।













