![]()
নিউজ ডেস্কঃ
ঘটনাটো লণ্ডনৰ। ডেইলি ষ্টাৰৰ প্রতিবেদন অনুযায়ী, পার্কত ফুৰিবলৈ গৈছিল পশ্চিম ছাছেক্সৰ এজন ব্যক্তি। কিন্তু তালৈ গৈ মহা বিড়ম্বনাত পৰিবলগা হয় তেওঁ। পার্কখনত তেওঁৰ কৃত্রিম ভৰিখন খুলি থওঁতেই তা ৰপৰাই হেনো অন্তৰ্ধান হৈ যায়। ফলত ভৰি হেৰুৱাই তেওঁ মহা বিপদত পৰে। অৱশেষত হেৰোৱা ভৰি ঘূৰাই দিবৰ বাবে পোষ্টাৰ আঁৰি আবেদন জনাবলগা হয় ব্যক্তিজনে।
পার্কখনত আঁৰি থোৱা হৈছে এখন পোষ্টাৰ। তাত লিখা আছে— ‘লষ্ট, হেভ ইউ ছিন মাই লেগ?’ এই পোষ্টাৰখনত লগতে ব্যক্তিজনে ঘোষণা কৰিছে, যিগৰাকী ব্যক্তিয়ে হেৰোৱা ভৰিখনৰ সন্ধান দিব তেওঁক নগদ পুৰস্কাৰ দিয়া হ’ব। ব্যক্তিজনৰ সন্ধানহীন পোষ্টাৰখন নেট মাধ্যমত ভাইৰেল হোৱাৰ পিছৰ পৰাই বিভিন্ন ধৰণৰ প্রতিক্রিয়া আহিবলৈ আৰম্ভ কৰে। কোনোৱে ৰসিকতা কৰি কৈছে, ‘কৃত্রিম ভৰি খুলি লৈ গ’ল, অথচ তেওঁ গমেই নাপালে?’ কোনোৱে আকৌ কৈছে, ‘এয়া প্রচাৰত থকাৰ এটা কৌশল মাত্র।’













