![]()
নিউজ ডেস্কঃ
যুদ্ধ পৰিস্থিতিত ইউক্রেইনৰ পৰা উভতি আহিছে ভাৰতীয় শিক্ষাৰ্থীসকল। এই মুহূর্তত ভবিষ্যতক লৈ চিন্তাত তেওঁলোক। পাঠ্যক্ৰম কেনেদৰে সম্পূৰ্ণ হ’ব, ভাৰতত শেষ কৰিব পাৰিবনে নাই, অন্য দেশত সুযোগ পাবনে নাই ইত্যাদি বহু প্রশ্নচিহ্ন আছে। কিন্তু তাৰ মাজতেই কিছু হ’লেও সুখবৰ।
অনলাইনত ভাৰত ফেৰৎ শিক্ষাৰ্থীসকলক পাঠদান কৰিছে ইউক্রেইনৰ বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে। যুদ্ধ পৰিস্থিতিৰ মাজতেই পঠন-পাঠন চলাই গৈছে তেওঁলোকে।
সকলো নহয়, কিন্তু পশ্চিম ইউক্রেইনৰ কিছু বিশ্ববিদ্যালয়ে ‘জুম কল’ৰ সহায়ত পাঠদান চলাইছে। এই কাৰ্যত অতি সুখী শিক্ষাৰ্থীসকল। এই কাৰ্যৰ বাবে শিক্ষকসকলক ধন্যবাদো জনাইছে ছাত্ৰ-ছাত্ৰীসকলে।













